অসম সচিবালয়ৰ (Assam Secretariat) কৰ্মচাৰীৰ আত্মহত্যা (Suicide)। কৰ্মচাৰী বিবেক দাসে নিজ গৃহৰ কোঠাৰ ভিতৰতে চীপ লৈ আত্মহত্যা কৰে। চীপ লোৱা অৱস্থাত কৰ্মচাৰীজনৰ মৃতদেহ উদ্ধাৰ হয়।
গুৱাহাটীৰ (Guwahati) জৱাহৰনগৰৰ হাউছিং কলনীত থকা বাসগৃগত এই ঘটনা সংঘটিত হৈছে। মৃত দাস অসম সচিবালয়ত সাধাৰণ প্ৰশাসন বিভাগৰ জ্যেষ্ঠ প্ৰশাসনিক সহকাৰী বিষয়া হিচাপে কৰ্মৰত আছিল।
ঘটনাস্থলীত গুৱাহাটী আৰক্ষী উপস্থিত হৈ বিবেক দাসৰ মৃতদেহৰ লগতে উদ্ধাৰ কৰে এখন ছুইচাইড নোট (Suicide Note)। মৃত্যুৰ পূৰ্বে বিবেক দাসে লিখি থৈ গৈছিল এখন এখন ছুইচাইড নোট। ছুইচাইড নোটত স্পষ্টভাৱে লিখি থৈ গৈছিল যে, শীৰ্ষ বিষয়াৰ ককৰ্থনাৰ বাবেই আত্মহত্যাৰ পথ বাচি লৈছিল।
Photo: Khatang Khobor




























Discussion about this post