কৰ্তব্য পালন কৰি থকা অৱস্থাতে কেনেদৰে নিৰুদ্দেশ হ’ল APBNৰ এজন জোৱান? এজন জোৱান নিৰুদ্দেশ হোৱাৰ ২৩ দিন উকলি যোৱাৰ পিছতো কোনো শুংসূত্ৰ ওলোৱাব পৰা নাই কিয়? জোৱান ৰিতু বৰাৰ মৃত্যুৰ আঁৰত আচলতে কি ৰহস্য সোমাই আছে? ক’ত হেৰাল ৰিতু?
16 AP((I.R)BNৰ জোৱান তথা যোৰহাটৰ মেলেংলহকৰৰ যুৱক ৰিতু বৰা আৰু এইগৰাকী ন-বোৱাৰী তথা ৰিতুৰ পত্নী দুলুমণি বৰদলৈ। মাত্র ছমাহ পূৰ্বেই বিবাহ হৈছিল ৰিতু-দুলুমণিৰ। কিন্তু বিবাহৰ ৬টা মাহ সম্পূৰ্ণ নহওতে ৰিতু অবিহনে এতিয়া দুলুমণি। দুলুমনীৰ চকুত কেৱল চকুলো। ঘৰত কেৱল কান্দুনৰ ৰোল।
বটদ্ৰৱাৰ দলংঘাটস্থিত APBNৰ মুখ্য কাৰ্যালয়ৰ জোৱান আছিল ৰিতু বৰা। কিন্তু কেইমাহমানৰ পূৰ্বে ৰিতু বৰাক মুখ্য কাৰ্যালয়ৰ পৰা কৰ্মসূত্ৰে বৈঠালাংছ’ৰ আমটেংলৈ প্ৰেৰণ কৰে। মুখ্য কাৰ্যালয়ৰ নিদ্দেশমৰ্মে ৰিতুয়ে কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত আছিল।
কৰ্তব্যৰ মাজতেই এদিন পত্নী দুলুমণিক ফোনযোগে ৪ জুনৰ পিছত পত্নীৰ গৃহলৈ অহাৰ প্ৰতিশ্ৰুতিও দিছিল। কিন্তু সকলো যেন ৰহস্যৰ আৱৰ্তত সোমাই পৰিল। ৪ জুনত কৰ্তব্যৰত অৱস্থাৰ পৰাই নিজৰ মাৰণাস্ত্ৰসহ অতি ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ পৰে ৰিতু।
ৰিতু নিৰুদ্দেশ হোৱাৰ সময়ছোৱাত ৰিতুৰ লগত AP((I.R)BNৰ আন তিনি জোৱানো কৰ্মৰত হৈ থাকোতে ৰিতুৰ ৰহস্যজনক নিৰুদ্দেশক লৈ তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি হয় ৰিতুৰ পৰিয়ালৰ লগতে পত্নী দুলুমণিৰ পৰিয়ালটো।
পৰৱৰ্তী ৩ দিনৰ পিছত কৰ্তব্যৰত স্থলীৰ কাষতেই ৰিতু বৰাৰ মাৰণাস্ত্ৰ আৰু কিছু সা-সামগ্ৰী উদ্ধাৰ হয় যদিও আজি ২৩ দিনে কোনো শুংসূত্ৰ নাই ৰিতুৰ। সৰ্বত্ৰে প্ৰশ্ন উখাপন হৈছে, ক’ত হেৰাল ১৬নং অসম আৰক্ষী (IR) বেটেলিয়নৰ জোৱান ৰিতু বৰা?
১৬নং বেটালিয়নৰ অধিনায়ক অৰ্ণৱ ডেকাৰ বিৰুদ্ধেও তীব্ৰ ক্ষোভ ৰিতুৰ পত্নী পৰিয়ালৰ। কিয়নো আজি ২৩দিনে ৰিতুৰ অপহৰণক লৈ কোনো গুৰুত্ব নিদিয়াৰ গুৰুত্বৰ নিদিয়াৰ অভিযোগ অৰ্নৱ ডেকাৰ বিৰুদ্ধে।
Photo & Input: ছাইদুল ইছলাম
Discussion about this post