অসুস্থ হৈ পৰিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ (Famous Singer Zubeen Garg)। বৰ্তমান শিল্পীগৰাকী ডিব্ৰুগড়ৰ (Dibrugarh) সঞ্জীৱনী হাস্পতালৰ (Sanjivani Diagnostics & Hospital) আই চি ইউত ভৰ্তি হৈ আছে বুলি জানিব পৰা গৈছে। মঙলবাৰে নিশা ডিব্ৰুগড়ৰ মনোহাৰী ৰিজৰ্টৰ (Manohari Resort) বাথৰুমত পিছলি পৰি মূৰত আঘাত পাইছিল জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী।
বুধবাৰে পুৱা তেওঁক সঞ্জীৱনী হাস্পতাললৈ লৈ অনাত চিকিৎসকৰ পৰামৰ্শত তেওঁক আই চি ইউত ভৰ্তি কৰোৱা হয়। জুবিনৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ যদিও তেওঁৰ মূৰত পাঁচটাকৈ চিলাই পৰা বুলি জানিব দিয়ে হাস্পতালখনৰ চিকিৎসকে। অৱশ্যে বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত তেওঁৰ চিকিৎসা চলি আছে।
ইফালে, জুবিন গাৰ্গ অসুস্থ হোৱা বুলি জানিব পাৰি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) শিল্পীগৰাকীৰ উন্নত চিকিৎসাৰ বাবে তাৎক্ষণিকভাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ডিব্ৰুগড়ৰ উপায়ুক্ত বিশ্বজিৎ পেগুক (Biswajit Pegu) নিৰ্দেশ প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী শৰ্মাই জুবিনৰ স্বাস্থ্যৰ অৱনতিত উদ্বিগ্নতা প্ৰকাশ কৰি প্ৰয়োজনত চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ নিয়াৰ ব্যৱস্থা কৰা হ’ব বুলিও জানিবলৈ দিয়ে। অৱশ্যে ভাল খবৰ এয়াই যে আঘাত পালেও যথেষ্ট সুস্থ হৈ আছে জুবিন।
Photo: Google
Published BY: Dulu Medhi
Discussion about this post