পূজাৰ বতৰতে এটা বেয়া খবৰ। ৰাজ্যবাসীৰ বাবে এই বেয়া খবৰটো দিছে ৰাজ্যৰ শক্তি বিতৰক কোম্পানী APDCL-এ । অন্ধকাৰত বুৰ যাব ৰাজ্য। পূজাৰ দিনকেইটাত ব্যাপক লোড শ্বেডিঙৰ সম্ভাৱনা। কয়লাৰ অভাৱৰ বাবেই কমিছে বিদ্যুৎ উৎপাদন। পৰিণতিত ভয়ংকৰ লোড শ্বেডিং ( Load shedding) পূজাৰ বতৰত।
সোমবাৰে বাতৰি কাকত যোগে APDCL-এ জাৰি কৰিছে এই জাননী। জাননী খনত APDCL-এ কৈছে……
কয়লাৰ অভাৱৰ বাবে হ্ৰাস পাইছে বিদ্যুতৰ উৎপাদন। কেৱল হ্ৰাস পোৱাই নহয়, সংকটত ৰাজ্যৰ পাৱাৰ পজিছন। সেয়ে, বিদ্যুৎ কৰ্তন বা লোড শ্বেডিঙৰ ( Load shedding) পূৰ্ণ সম্ভাৱনা। লোড শ্বেডিঙৰ সম্ভাৱনা ব্যক্ত কৰি ৰাজ্যৰ গ্ৰাহকক নিয়ম মাফিক বিদ্যুত ব্যৱহাৰৰো আহ্বান APDCLৰ।
Photo: Khatang Khobor
Discussion about this post