এম্বুলেঞ্চৰ সৈতে বাইকৰ মুখামুখি সংঘৰ্ষত (Ambulance Bike Collided) মৃত্যু ২জন যুৱকৰ (2 Youth Spot Died)। বৰঝাৰ বিমানবন্দৰৰ নিচেই সমীপৰ কামৰূপ জিলাৰ পলাশবাৰী থানাৰ এলেকাধীন বঙৰাৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident) সংঘটিত হয়।
এম্বুলেঞ্চ আৰু বাইকৰ মুখামুখী সংঘৰ্ষত মৃত্যু ২ যুৱকৰ। জানিব পৰা মতে, মিৰ্জাৰ দিশৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথেৰে দুই যুৱক ক্ৰমে কবিন্দ নাথ আৰু পাৰ্থ ঠাকুৰীয়াই বঙৰা অভিমুখে AS-25-Q-0968 নম্বৰৰ হিৰ’ গ্লেমাৰ বাইকযোগে গৈ থকাৰ সময়তে বিপৰীত দিশৰ পৰা অহা ML-08-C-9888 নম্বৰৰ এখন এম্বুলেঞ্চৰ সৈতে সংঘৰ্ষ হয়।
এই সংঘৰ্ষ ইমানেই ভয়াৱহ আছিল যে দুয়াখন বাহনে বিধ্বস্ত হৈ পৰাৰ লগতে বাইক আৰোহী পাৰ্থ ঠাকুৰীয়া নামৰ যুৱকৰ থিতাতে মৃত্যু ঘটে। আনহাতে, কবিন্দ নাথ নামৰ আন এজন বাইক আৰোহী অতি সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও আদবাটতে মৃত্যুক আকোৱালি লয়।
Photo: News8 Northeast
Discussion about this post