ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ (Encounter) ঘটনা সংঘটিত হৈছে। গুলী (Firing) লাগি ভৰিৰ ইপাৰ সিপাৰ হৈ যায়, আহতক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। এইবাৰ ইৰাণী গ্ৰুপৰ সদস্যক এনকাউণ্টাৰ। গুৱাহাটীত (Guwahati) এই এনকাউণ্টাৰৰ (Encounter) ঘটনা সংঘটিত হৈছে।
দিছপুৰ আৰক্ষীৰ (Dispur Police) গুলীত গুলিবিদ্ধ হয় এজন। দুধৰ্ষ ইৰাণী গ্ৰুপৰ সদস্য অমৰ গোৱালাই পলাবলৈ লওঁতেই ভৰিত গুলিয়ালে আৰক্ষীয়ে। পাঞ্জাবাৰীত লৈ গৈছিল আৰক্ষীক আৰু তাতেই পলাবলৈ চেষ্টা কৰিছিল। কৰ্তব্যৰত আৰক্ষীক গতিয়াই পলাবলৈ চেষ্টা কৰিছিল। প্ৰথমে ভুল দিশে লৈ গৈছিল আৰক্ষীক। শুকুৰবাৰে আৰক্ষী গ্ৰেপ্তাৰ কৰিছিল অমৰ গোৱালাক। পৌৰ নিগমৰ ধন লুটৰ ঘটনাত জড়িত আছিল অমৰ গোৱালা।
ঝাৰখাণ্ডৰ পৰা আহিছিল চাৰি জনীয়া এটা দল। দুখন বাইকত আহিছিল চাৰিজন যুৱক। পুতলা পিষ্টল দেখুৱাই লুট কৰিছিল ধন। ৩লাখ ৩৫হাজাৰ টকা লুট কৰিছিল দলটোৱে। আনহাতে পলাতক তিনিজনক বিচাৰি আৰক্ষীক অভিযান অব্যহত।
‘ছিলিগুৰিৰ ফাতাপুকুৰ পৰা আহে এই দুধৰ্ষ ইৰাণী গেং’- এই মন্তব্য DCPৰ। এই সন্দৰ্ভত DCPৰ আহ্বান গুৱাহাটীবাসীলৈ- ‘ঘটনা হলে চাই নাথাকিব সহায় কৰিবলৈ আগবাঢ়ি আহক।
Photo & Input: Khatang Khobor
আৰু পঢ়কঃ https://khatangkhobor.com/news/national/viral-video-elephant-enter-the-kitchen-of-the-house/5410/
Discussion about this post