শেহতীয়াকৈ ক’ৰোনা মহামাৰীৰ লকডাউনে কালৰূপ ধাৰণ কৰিলে লক্ষীগঞ্জৰ এটা অধিবক্তাৰ পৰিয়ালৰ ওপৰত। বিলাসীপাৰা মহকুমাৰ লক্ষীগঞ্জ বজাৰৰ হানিফ মহম্মদ ঈৰসাদ ওৰফে হাফিজুল বিলাসীপাৰা মহকুমা আদালতৰ অধিবক্তা।
বিগত দুবছৰে ক’ৰোনা মহামাৰীৰ লকডাউনত অধিবক্তাগৰাকী ঋণ সংক্ৰান্তত জুৰুলা হৈ পৰিছিল। বিশেষ সূত্ৰ অনুসৰি ঋণ পৰিশোধ কৰিব নোৱাৰি মানসিক চাপত ভুগি অধিবক্তাগৰাকী মঙলবাৰে পুৱা ডিঙিত চিপ লৈ আত্মহত্যাৰ দৰে চৰম পথ বাচি লয়।
অধিবক্তাগৰাকীৰ মৃত্যুৰ ফলত অঞ্চলটোত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।
Photo & Input: আতোৱাৰ ৰহমান
Discussion about this post