গ্ৰেপ্তাৰৰ ২৪ ঘণ্টা পাৰ নৌহওতেই জামিন লাভ কৰি মুকলি আকাশৰ তললৈ ওলাই আহিল স্বয়ম্ভূ আচাৰ্য পংকজ পাঠক (Acharya Pankaj Pathak Granted Bail A Day After Arrest)। আৰক্ষীয়ে জামিনত মুক্তি দিলে আচাৰ্য পংকজ পাঠকক (Pankaj Pathak)। হাতীগাঁও থানাৰ আৰক্ষীয়ে (Hatigaon Police) মুকলি কৰি দিলে পাঠকক।
নাৰী বিদ্বেষী মন্তব্য কৰাৰ অভিযোগত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত (Chief Minister Himanta Biswa Sarma) বৃহস্পতিবাৰে বৰপেটা জিলাৰ (Barpeta District) হাউলীৰ সমীপৰ কালঝাৰৰ (Kaljhar) পৰা এটা পৰিয়ালত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ (Arrest) কৰা হৈছিল আয়ুৰ্বেদিক চিকিৎসক পাঠকক (Pankaj Pathak)। তাৰ পিছতে নিশাই হাতীগাঁও আৰক্ষীয়ে তেওঁক লৈ আহিছিল গুৱাহাটীলৈ।
কিন্তু গ্ৰেপ্তাৰৰ ২৪ ঘণ্টা নৌহওঁতেই থানাৰ পৰাই জামিন লাভ (Bail Granted) কৰিবলৈ সক্ষম হ’ল পংকজ পাঠকে (Pankaj Pathak)। বিভিন্ন ৰোগৰ বিধান দি বাতৰিৰ শিৰোনাম হৈ থকা পংকজ পাঠকে শেহতীয়াকৈ নাৰী বিদ্বেষী মন্তব্য কৰি বিপদত পৰিছিল। তাৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পংকজ পাঠকৰ বিৰুদ্ধে ৰুজু হৈছিল ২৬টাকৈ গোচৰ (FIR Lodged Against Pankaj Pathak) ৷ মহানগৰীৰ বশিষ্ঠ, হাতীগাঁও, দিছপুৰত ৰুজু হৈছিল গোচৰ। 333/22-U/S-354(A)/509 IPCত গোচৰ, গোচৰ R/w- 67(A) IT Act.
ইফালে পাঠকৰ জামিনৰ কথা উল্লেখ কৰি আৰক্ষীয়ে কয় যে- ‘পাঠকক মুকলি কৰি দিয়া হ’ল কাৰণ এইটো জামিনযোগ্য অপৰাধ আছিলে। দ্বিতীয় বাৰৰ বাবে যাতে এনে ধৰণৰ কোনো মন্তব্য নকৰে তাৰ কাৰণেও তেওঁক আমি সতৰ্ক কৰি দিছো।’
উল্লেখ্য নিজৰ ব্যৱসায়ৰ প্ৰচাৰ চলাবলৈ গৈ চুটি কাপোৰ পিন্ধি ৰীল ভিডিঅ’ (Facebook Video Viral) বনোৱা মহিলাৰ স্বামীক বান্দৰ কেকোৱাৰ গুড়ি খাবলৈ পৰামৰ্শ দিছিল পংকজ পাঠকে। তাৰ পিছতে পংকজ পাঠকৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছিল বিভিন্ন নাৰী সংগঠনসমূহ। পাঠকৰ বিৰুদ্ধে প্ৰতিখন জিলাৰ থানাই থানাই দাখিল কৰা হৈছিল এজাহাৰ।
যিখন চৰকাৰৰ দিনত বৰ্ষাশ্ৰী বুঢ়াগোঁহাইৰ দৰে এগৰাকী মেধাৱী শিক্ষাৰ্থীয়ে জামিন লাভ নকৰি দুমাহ ধৰি কাৰাবন্দী হৈ থাকিবলগীয়া হৈছিল, সেই চৰকাৰৰ দিনত নাৰী বিদ্বেষী মন্তব্য কৰা পংকজ পাঠকে কেনেকৈ ২৪ ঘণ্টাৰ ভিতৰতে জামিন লাভ কৰিলে বুলিও এতিয়া প্ৰশ্ন তুলিছে একাংশই।
Photo: Google
Discussion about this post