অৱশেষত ন্যায় পালে অনিমেষ ভূঞাই (Animesh Bhuyan)। অনিমেষ হত্যাকাণ্ডৰ (Jorhat Murder Case) মূল অভিযুক্ত ক’লা গুণ্ডাৰ মৃত্যু। মঙলবাৰে নিশা আৰক্ষীৰ বাহনৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা চলাইছিল। পলাবলৈ চেষ্টা চলাওতেই আৰক্ষীৰ আন এখন বাহনৰ খুন্দাত প্ৰাণ হেৰুৱাই ক’লা লৰা ওৰফে নীৰজ দাসে (Neeraj Das)।
জানিব পৰা অনুসৰি, দুৰ্ঘটনাটোত প্ৰথমে আঘাতপ্ৰাপ্ত নীৰজ দাসক যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ (Jorhat Medical College Hospital) লৈ অনা হৈছিল কিন্তু হাস্পতালতে চিকিৎসকে মৃত ঘোষণা কৰে। দুৰ্ঘটনাটোত আন ৩ গৰাকী আৰক্ষী বিষয়াও গুৰতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে।
উল্লেখ্য সোমবাৰে যোৰহাট চহৰত সংঘটিত হোৱা এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি একাংশ উত্তেজিত লোকে আছু নেতা (Aasu Leader) অনিমেষ ভূঞাক (Animesh Bhuyan)মৰিয়াই মৰিয়াই হত্যা (Murder) কৰিছিল। এই নিৰ্মম হত্যাকাণ্ডৰ পিছত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। হত্যাকাণ্ডৰ সৈতে জড়িত ১৩জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।
গণ হত্যাক কেন্দ্ৰ কৰি যোৰহাটত চলি থকা উত্তপ্ত পৰিস্থিতিৰ মাজতেই মঙলবাৰে আৰক্ষীয়ে ১২ অভিযুক্তক আদালতত হাজিৰ কৰাইছিল। অৱশ্যে সোমবাৰে আদালত চৌহদত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ বাবে আদালতত হাজিৰ কৰাব পৰা নাছিল ক’লা গুণ্ডাক।
Photo: Khatang Khobor
Discussion about this post