সোমবাৰে মানৱ সমাজক লজ্জানত কৰা এক কাণ্ড সংঘটিত হয় যোৰহাটৰ (Jorhat) মাজমজিয়াত। ট্ৰাক ষ্টেণ্ডৰ সমীপত এদল উন্মত্ত লোকে নৃশংসভাৱে হত্যা (Murder) কৰিলে ছাত্ৰ নেতা (Aasu Leader) অনিমেষ ভূঞাক (Animaesh Bhuyan)। দিন দুপৰতে নগৰৰ মাজ মজিয়াত উন্মত্ত দলটোৱে হত্যা কৰে সদৌ অসম ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ (Student Union Golaghat district) ব্ৰহ্মপুত্ৰ আঞ্চলিক সমিতিৰ শিক্ষা সম্পাদক অনিমেশক। ইতিমধ্যে এই ঘটনাৰ সৈতে জড়িতৰ অভিযোগত ১৩জনক গ্ৰেপ্তাৰ (Arrest) কৰা হৈছে।
মঙলবাৰে পুৱাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) নিৰ্দেশত অনিমেশৰ বাসগৃহত উপস্থিত হয় মন্ত্ৰী ৰণোজ পেগু (Ranoj Pegu)। ফাষ্টট্ৰেক আদালতত (Fast Track Court) এই গোচৰ চলিব বুলি মন্তব্য কৰে ৰণোজ পেগুৱে। ১৫ দিনৰ ভিতৰত আৰক্ষীক চাৰ্জশ্বিট দিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী ৰণোজ পেগুৰ সৈতে উপস্থিত থাকে বিধায়ক ৰূপজ্যোতি কুৰ্মীও (Rupjyoti Kurmi)।
Photo: Khatang Khobor
Discussion about this post