তামুলপুৰত মানৱতাক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে। ৯ বছৰীয়া কন্যা শিশু ধৰ্ষণৰ বলি হৈছে এজন ৪৫ বছৰীয়া লোকৰ। লম্পট লোকজনৰ নাম হ’ল ব্ৰজেন কলিতা।
বিগত ২৫ জুনতেই তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম ঝাৰগাঁও নিবাসী পাষণ্ডই শিশুটিক ধৰ্ষণ কৰিছিল।
মাছ মাৰিবলৈ যাওতে এই কু-কাৰ্য সংঘটিত কৰে। এই ঘটনাৰ পিছতে হঠাৎ কণমানিটি অসুস্থ হৈ পৰে। তাৰ পিছত মাকক সমগ্ৰ ঘটনা বিৱৰি কোৱাতহে পোহৰলৈ আহে লোকজনৰ কু-কাৰ্যৰ বিষয়ে। পৰিয়ালৰ লোকে আৰক্ষী থানাত গোচৰ ৰুজু কৰে লোকজনৰ বিৰুদ্ধে।
এই এজাহাৰৰ ভিত্তিতে নিশাই ব্ৰজেনক কলিতাক আৰক্ষীয়ে আটক কৰিছে।
Photo: Khatang Khobor




























Discussion about this post