ওদালগুৰি (Udalguri District) জিলা ভেৰগাঁও টোটলাপাৰাত ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছে (Horrific Bus Accident)। চালকৰ অতপালিত দ’ খাৱৈত পৰিল চলন্ত বাছ। পুৱাৰ ভাগত ওদালগুৰি জিলা ডিমাকুছি চহৰৰ পৰা “ছালমা” নামৰ বাছখনে যাত্ৰীসহ ডিমাকুছি-ভেৰগাঁও পথেৰে আহি থকা অৱস্থাত ভেৰগাঁও টোটলাপাৰাত বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰি পৰে।
দুৰ্ঘটনাটোৰ ফলত ৭গৰাকী যাত্ৰী গুৰুতৰভাবে আহত হয় (7 Person Critically Injured) আৰু এগৰাকী যাত্ৰীৰ অৱস্থা সংকটজনক। যাত্ৰীসকলৰ অভিযোগ চালকজনৰ অতপালিত এই দুৰ্ঘটনা পতিত কিয়নো এহাতেৰে ফোন চাই এহাতেৰে গাড়ী চলোৱাৰ বাবে এই দুৰ্ঘটনা পতিত হয় বুলি যাত্ৰীসকলে অভিযোগ উত্থাপন কৰিছে।
ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত যাত্ৰীসকলক হাস্পতাললৈ প্ৰেৰণ কৰে। আৰু আহত লোকসকলক বৰ্তমান চিনাক্ত হোৱা নাই। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীৰ পৰা চালকৰ পলায়ন।
Photo & Input: Khatang Khobor
Discussion about this post