তামুলপুৰত (Tamulpur) ভুৱা টেট শিক্ষক (Tet Teacher) আটক। তিনিগৰাকী শিক্ষয়িত্ৰীক আটক কৰি বিশেষ অনুসন্ধান শাখা গুৱাহাটীলৈ লৈ যায় আৰক্ষীয়ে। ভুৱা প্ৰমাণ পত্ৰৰে একাংশ প্ৰাৰ্থীয়ে টেট শিক্ষক হিচাপে নিযুক্তি লাভ কৰাৰ পিছতে পোহৰলৈ আহিল টেট শিক্ষকৰ প্ৰমাণ পত্ৰ জালিয়াতিৰ তথ্য।
২৪ ছেপ্টেম্বৰত বিটিচি শিক্ষা সঞ্চালকৰ পৰা ৫২ জনীয়া ভুৱা প্ৰমাণ পত্ৰৰে নিযুক্তি লাভ কৰা শিক্ষকৰ এখন তালিকা প্ৰকাশ পাইছিল। তাৰ আধাৰতে আজি বাক্সা জিলাত নিযুক্তি লাভ কৰা তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত তিনিগৰাকী ভুৱা টেট শিক্ষয়িত্ৰীক তামুলপুৰ আৰক্ষীয়ে আটক কৰে।
টেট শিক্ষয়িত্ৰী কেইগৰাকী ক্ৰমে কাজলী বড়ো (ঢোলকুছী হাইস্কুল) অনিতা বড়ো (দেউলকুছী হাইস্কুল) আৰু ভৱানী বড়ো( দ্বাৰকুছি হাইস্কুল)ত কৰ্মৰত আছিল। বাক্সা জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু চি আই ডিয়ে তামুলপুৰ আৰক্ষীৰ সহযোগত শিক্ষয়িত্ৰী তিনিগৰাকীক দেউলকুছিস্থিত নিজ বাসগৃহৰ পৰা আটক কৰে আৰু বিশেষ অনুসন্ধান শাখা গুৱাহাটীলৈ লৈ যায়।
ইফালে হাজোত (Hajo) নিশা কামৰূপ আৰক্ষীৰ (Kamrup Police) অভিযান। ৪গৰাকী ভুৱা টেট শিক্ষকক আটক কৰে আৰক্ষীয়ে। ভুৱা মাৰ্কশ্বিট, চাৰ্টিফিকেটৰে টেটত নিযুক্তি লৈছিল যুৱক কেইজনে। আজিজুৰ ৰহমান, মনোৱাৰ হুছেইন, মনোৱাৰ খান আৰু ছহিবুৰ ৰহমানক আটক। হাজোৰ আন্ধুপাৰা আৰু বঙালপাৰাৰ পৰা আটক ভুৱা শিক্ষককেইজনক।
আটাইকেইজন ভুৱা টেট শিক্ষকে চিৰাং আৰু বাক্সা জিলাত এমাহ পূৰ্বে নিযুক্তি লাভ কৰিছিল। হাজোত দহজনতকৈয়ো অধিক ভুৱা টেট শিক্ষক থকাৰ সন্দেহ। ভুৱা টেট শিক্ষকৰ বিৰুদ্ধে হাজোত আৰক্ষীৰ তীব্ৰ অভিযান।
Photo & Input: বিকি মেধি, প্ৰিয়ংকা কাশ্যপ
Discussion about this post