আলফা স্বাধীনত (Ulfa-I) উজনি অসমৰ (Upper Assam) ৫ গৰাকী যুৱতীৰ যোগদানৰ (Join) সন্দেহ। যুৱতীৰ দলটোৰ মাজত আছে দুগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিক বক্সাৰ (Kick Boxer)। আলফাত যোগদানৰ সন্দেহ তিনিচুকীয়াৰ (Tinsukia) কিক বক্সাৰ নয়নমণি চেতিয়া, গোগামুখৰ কিক বক্সাৰ সবিতা চেতিয়া, লখিমপুৰৰ লালুকৰ সৰ্মীস্থা শইকীয়া নামৰ এগৰাকী যুৱতী, মাজুলী (Majuli) আৰু মৰিগাঁৱৰো (Morigaon) দুয়োখন জিলাৰে এগৰাকী এগৰাকীকৈ যুৱতী আলফাত(স্বাধীন)ত (Ulfa-I) যোগদানৰ সম্ভাৱান।
৪ গৰাকী যুৱতীসহ এগৰাকী বিবাহিতা মহিলায়েও আলফাত(স্বাধীন)ত যোগদানৰ উদ্দেশ্যে ম্য়ানমাৰ অভিমুখে ৰাওনা হোৱা বুলি প্ৰকাশ পোৱাৰে পৰা ৰাজ্যত এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে।
নিষিদ্ধ ঘোষিত সংগঠনটোত যোগদান কৰা যুৱতীকেইগৰাকীৰ ভিতৰত দুগৰাকীয়েই ৰাজ্যিক পৰ্যায়ৰ কিক বক্সিং খেলুৱৈ।
ইতিমধ্যে যুৱতীৰ দলটোৰ এটা ভিডিও ভাইৰেল হৈছে। আৰু সেই ভিডিওটোৰ ভিত্তিতেই যুৱতীৰ দলটোৱে আলফা স্বাধীনত যোগদান কৰা বুলি সন্দেহ কৰা হৈছে।
কিন্তু আৰক্ষীৰ ফালৰ পৰা এই সন্দৰ্ভত এতিয়ালৈকে সবিশেষ জনোৱা নাই।
Photo & Input: Israkul Islam
Discussion about this post