গোৱালপাৰা (Goalpara) জিলাৰ বগুৱান থানাৰ অন্তৰ্গত দাৰিৰপাৰত এক শোকাৱহ ঘটনা (Tragic Incident) সংঘটিত হয়। দাৰিৰপাৰ প্ৰাথমিক বিদ্যালয়ৰ সীমাৰ দেৱাল হঠাৎ খহি পৰাত এটি চতুৰ্থ শ্ৰেণী ছাত্ৰই কৰুণ মৃত্যুক (Death) সাৱটি লয়।
নুৰ আলম নামৰ ছাত্ৰজনে খেলি থকাৰ সময়ত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো (Horrific Incident)। ঘৰৰ একমাত্ৰ সন্তান আকস্মিক মৃত্যুৰ পিছত ক্ষোভিত হৈ পৰে অঞ্চলবাসী ৰাইজে।
বাশবাৰী গাওঁ পঞ্চায়তে দাৰিৰপাৰ প্ৰাথমিক বিদ্যালয়ত সীমাৰ দেৱাল অতি নিম্ন মানদণ্ডৰ কাম কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। যাৰ ফলত এজন কিশোৰে অকাল মৃত্যুক আকোৱালি ল’বলগীয়া হ’ল। স্থানীয় ৰাইজে ইয়াৰ উচিত তদন্ত বিচাৰিছে। ওচৰ চুবুৰীয়াই দুৰ্বল দেৱালৰ কথা প্ৰধান শিক্ষকক অৱগত কৰিছিল যদিও কোনোধৰণৰ গুৰুত্ব দিয়া নাছিল প্ৰধান শিক্ষক জনে।
Photo: Khatang Khobor





























Discussion about this post