মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছুদিন পূৰ্বে ৰাজ্যৰ ৰাজহ বিভাগত চলি থকা দালাল ৰাজ উৎখাত কৰা হ’ব বুলি ঘোষণা কৰাৰ পিছতে অভিযান তীব্ৰতৰ কৰিছে অসম আৰক্ষীয়ে।
ৰাজ্যৰ বিভিন্ন জিলাত মাটিৰ দালাল বিৰোধী অভিযান। শিৱসাগৰতো মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছে অভিযান।
সোমবাৰে নিশাৰে পৰা শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা অভিযানত শিৱসাগৰ জিলাটো বিভিন্ন প্ৰান্তৰ পৰা গোপন সূত্ৰৰ পম খেদি ৫জন দালালক আটক কৰে।
শিৱসাগৰ দৰিকাপাৰৰ সমীপৰ নামতিয়াল পথাৰৰ পৰা প্ৰবীণ বুঢ়াগোহাঁই, আমগুৰি হিলৈধাৰীৰ তপন বৰুৱা, ধাই আলিৰ মঞ্জুলুৰ হুছেইন, বুবুল আহমেদ, মৰনৈ কিনাৰৰ ৰকিব আলীক আটক কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
বৰ্তমানলৈকে মাটিৰ দালাল আটক কৰাৰ সন্দৰ্ভত শিৱসাগৰ জিলা আৰক্ষীয়ে সংবাদ মাধ্যমত আগত কোনোধৰণৰ ভাষ্য প্ৰদান কৰা নাই।
ইফালে গোলাঘাট আৰক্ষীৰ জালত পৰিছে ইটোৰ পিছত সিটো মাটিৰ দালাল। আৰক্ষীৰ জালত পৰিছে ১৩জনকৈ মাটিৰ দালাল।
গোলাঘাট জিলাৰ দেৰগাঁৱৰ সম্ভূ ৰবিদাস, বিজিত ফুকন, নৰেন ৰবিদাস, অজিত দত্ত, আচুৰ্য হাজৰিকা, প্ৰভাত বৰা। সৰুপথাৰ -ৰাজেন কোঁৱৰ, মাণিক ঘোচাল, হীৰা লাল শিং।
বোকাঘাট- লীলাধৰ পাটোৱাৰী, তৰণি বিদ্যা শইকীয়া, যদুমনি খাউণ্ড, দ্ৰোনকান্ত দাসক আটক কৰিছে গোলাঘাট আৰক্ষীয়ে। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে এই ১৩জন মাটিৰ দালালক।
নিশাই গোলাঘাটৰ বিভিন্ন স্থানত অভিযান চলাই আৰক্ষীয়ে আটক কৰিছে লিষ্টত থকা মাটিৰ দালালক কেইজনক। আৰু বহু কেইজন মাটিৰ দালাল গোলাঘাট আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে বুলি উচ্চস্তৰৰ আৰক্ষীৰ সূত্রে জানিব পৰা গৈছে।
ধুবুৰীৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়টো মাটিৰ দালালক আটক। দীৰ্ঘদিন ধৰি ধুবুৰীৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দালালৰ দপদপনিত চলি আছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে যোৱা নিশা ধুবুৰীৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ মাটিৰ ১৩জন দালালক আটক কৰে।
কিন্তু লক্ষণীয় বিষয় যে আজি ৰাতি পুৱাৰ ভাগত ধুবুৰীৰ সদৰ থানাত সাংবাদিকসকলে আহিছিল বাতৰি সংগ্ৰহ কৰিবলৈ আৰু অহাত আৰক্ষীয়ে বাধা প্ৰদান কৰে সাংবাদিক সকলকো।
দালাল উৎখাত অভিযানত ব্যতিক্ৰম নহয় বঙাইগাঁও জিলা। বঙাইগাঁও জিলাত ১৪জন মাটিৰ দালালক আটক। জিলা খনৰ মানিকপুৰ আৰক্ষী থানাই দিলীপ কুমাৰ দাস, মোহনবাসী বৰাই, হাইদৰ আলী, জালালউদ্দিন, বলোৰাম পাটগিৰী, কুশল নাথ, অভয়াপুৰী থানাই প্রশান্ত অধিকাৰী, ধীৰু কুমাৰ ভুঞা, নিলাম্বৰ ৰায়। বইটামাৰী আৰক্ষী চকীয়ে শিবেন দাস, বদিয়ৰ ৰহমান। বঙাইগাঁও সদৰ আৰক্ষী থানাই আটক কৰিলে
সুভাষ মহন্ত, দিলীপ ৰয় আৰু মনোজ কলিতাক। মুঠ ১৪ জনক আটক কৰে বঙাইগাঁও জিলা প্ৰশাসনে।
হাজোত মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান। হাজোত মাটিৰ দালালত জড়িত বিজেপি নেতা। ৯টাকৈ মাটিৰ দালালক আটক হাজো আৰক্ষীৰ। CI দিপক বনীয়াৰ নেতৃত্বত দালালৰ বিৰুদ্ধে অভিযান। শংকৰ দাস (দুখু), দিলিপ দাস, দেৱজিৎ দাস, তৰণি দাস, নিৰঞ্জন পাটোৱাৰী, নাছিৰ শইকীয়া, আইনাল হক, জিয়াউৰ হক, মনচুব আলী। সম্প্ৰতি আটাইতকেইজনকে আৰক্ষীৰ জিম্মাত ৰখা হৈছে। আটকাধীন দালাল কেইটাৰ ভিতৰত শংকৰ দাস, জিয়াউৰ হক আৰু মনচুব আলী বিজেপিৰ কৰ্মী বুলি জানিব পৰা গৈছে।
মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে মাটিৰ দালালক বিচাৰি তৎপৰ অসম আৰক্ষী। বৰপেটাৰোডত ৬ জন দালালক আটক। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছতেই সমগ্ৰ ৰাজ্যতে মাটিৰ দালালক বিচাৰি অসম আৰক্ষীৰ অভিযান। সমান্তৰালভাৱে বৰপেটাৰোড আৰক্ষীয়েও অভিযান চলাই আটক কৰে ৬জনকৈ মাটিৰ দালালক।
আটকাধীন দালাল কেইজন হৈছে- নুৰুল হক ( বৰপেটাৰোড), ৰামানন্দ দাস (কলহভাঙ্গা), ৰহম আলী (দুমনী), কৃষ্ণ দাস( কলহভাঙ্গা), ইন্নছ আলী (মণিপুৰ) আৰু তায়েব আলী ( খৈৰাবাৰী)।
আটাইকেইজন মাটিৰ দালালক অধিক তদন্তৰ বাবে বৰপেটা সদৰ থানালৈ প্ৰেৰণ কৰে বৰপেটাৰোড আৰক্ষীয়ে। তদন্তৰ পিছত মাটিৰ কেলেংকাৰীৰ সৈতে জড়িত আৰু বহু বিয়াগোম দালাল বৰপেটাৰোড আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে।
ইফালে আটকাধীন ব্যক্তিৰ আত্মীয়ই আৰক্ষীৰ এই অভিযোগ অস্বীকাৰ কৰি প্ৰকৃত দালালকে আটক কৰিবলৈ আহ্বান জনায়।
যোৰহাট আৰক্ষীৰ জালত পৰিছে বৰ্তমানলৈ ১৫জনকৈ মাটিৰ দালাল। মঞ্জিৎ চাংমাই, পংকজ বৰুৱা, ধৰনী চেতিয়া, দিগন্ত গগৈ, বাবু বৰা, চিৰঞ্জিত ৰাজখোৱা, দ্বীপ নেওগ, জ্ঞানমনি বৰবৰাৰ, বিজয় বৰা ভূপেন হাজৰিকা, পোনা শৰ্মা, অজিত চৰকাৰ, শ্যাম শৰ্মা, ভূপেন হাজৰিকা আৰু সঞ্জীৱ উপাধ্যায়। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে এই ১৫ জন মাটিৰ দালালক। নিশা যোৰহাটৰ বিভিন্ন স্থানত অভিযান চলাই আটক কৰিছে তালিকাত থকা মাটিৰ দালালক। আৰু বহু কেইজন মাটিৰ দালাল যোৰহাট আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে বুলি উচ্চ স্তৰৰ আৰক্ষীৰ সূত্রে জানিবলৈ দিছে।
হোজাইৰ ডবকা আৰু মোৰাঝাৰতো মাটিৰ দলালৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ যোৱা নিশা ডবকা আৰক্ষীয়ে অভিযান চলায় ৪জন মাটিৰ দালালক আটক কৰে ৷ ধৃত দালাল কেইটা হ’ল ক্ৰমে আফতাব উদ্দিন, আজিজুৰ ৰহমান, হেলাল আহমেদ আৰু নাজিম উদ্দিন চৌধুৰী ৷ ইয়াৰে আজিজুৰ ৰহমান ডবকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আৰবী বিভাগৰ শিক্ষক আৰু আফতাব উদ্দিন ডবকা গাওঁপঞ্চায়তৰ প্ৰাক্তন সভাপতি ৷
ইয়াৰ সমান্তৰালকৈ মোৰাঝাৰ আৰক্ষীয়ে অভিযান চলায় ৫জনকৈ মাটিৰ দালালক আটক কৰে ৷ ধৃত দালাল কেইটা হ’ল ক্ৰমে হেলাল আহমেদ, মোৰ্তাজা আহমেদ, ৰেহান উদ্দিন, আজিম উদ্দিন, ফকৰ উদ্দিন ৷
ৰাজ্যজুৰি মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। নগাঁও জিলাৰ ধিঙতো আৰক্ষীয়ে আটক কৰিলে দুজনকৈ মাটিৰ দালালক। দীৰ্ঘদিন ধৰি ধিং ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত চলাই আহিছিল দালালি। আটক কৰা লোকদুজন ক্ৰমে সুভাষ দেৱনাথ আৰু দৰ্পন বৰা। আনহাতে আন এজন দালাল প্ৰিয়ৰঞ্জন দাস পলাতক হৈ আছে বুলি জানিব পৰা গৈছে।
মাটি দালালিৰে ভৰি পৰিল যোৰহাট সদৰ থানাৰ লকআপ। ইতিমধ্যে যোৰহাট আৰক্ষীয়ে ৯ জনকৈ মাতি দালালি চক্ৰৰে জড়িত থকা লোকক আটক কৰিছে। আৰু বহু লোকক আটক কৰাৰ সম্ভাৱনা আছে।
Photo & Input: Khatang Khobor
Discussion about this post