চিকিৎসকৰ অৱহেলাৰ বাবেই কৰুণ মৃত্যুক (Tragic Incident) সাৱটিলে এটি ৪ বছৰীয়া কণমানি শিশুৱে (4 Years Old Baby Died)। ঘটনাটো সংঘটিত হৈছে কলিয়াবৰৰ (Kaliabar) কেলিডেন চাহ-বাগিচাত (Kellyden Tea Estate)।
কুকুৰে কামোৰাৰ পিছত ৰেবিছ ইঞ্জেকচন (Rabies Vaccine) নিদিয়াৰ বাবেই অতি কৰুণভাবে মৃত্যুক সাৱটিবলগীয়া হ’ল কলিয়াবৰ কেলিডেন চাহ-বাগিচাৰ এটি মৰম লগা নিষ্পাপ শিশুৱে। তিনিমাহ পূৰ্বে বাগিচাখনৰ ধ্ৰুপ তাঁতী নামৰ শিশুটিক কামুৰিছিল কুকুৰে (Dog Bite)। মাতৃয়ে শিশুটিক বাগিচাৰ চিকিৎসালয়ত দেখুৱাইছিল। কিন্তু চিকিৎসকে এটা টি টি বেজী আৰু কিছু মলম লগাই শিশুটিক পঠাই দিছিল গৃহলৈ।
চিকিৎসকে ৰেবিজ বেজী লোৱাৰ পৰামৰ্শ বা কোনো চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ কথাও কোৱা নাছিল। দিন বাগৰাৰ লগে লগে শিশুটিৰ আচৰণ সলনি হ’বলৈ ধৰাত পৰিয়ালৰ লোকে ব্যক্তিগতভাবে বিভিন্ন চিকিৎসালয়ত শিশুটিক চিকিৎসা কৰাৰ চেষ্টা কৰিছিল যদিও তেতিয়ালৈ বহু পলম হৈ গৈছিল। প্ৰায় পগলাৰ দৰে আচৰণ কৰিবলৈ আৰম্ভ কৰা শিশুটোৱে অৱশেষত শনিবাৰে নিশা এটি কৰুণভাবে মৃত্যুক সাৱটিব লগাত পৰে।
শিশুটিৰ মৃত্যু হোৱাৰ পিছত নিশা বাগিচাখনত এক উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হয়। শিশুটিৰ মৃত্যুৰ বাবে পৰিয়ালৰ লোকৰ লগতে বাগিচাৰ শ্ৰমিকসকলেও বাগিচাৰ চিকিৎসকজনক দোষাৰোপ কৰিছে। অভিযুক্ত ডাঃ আৰ চেন গুপ্তাৰ উপযুক্ত শাস্তি প্ৰদান দাবী কৰিছে পৰিয়াল তথা স্থানীয় ৰাইজে।
Photo & Input: অনুপ বৰা
Published By: Dulu Medhi
Discussion about this post