দেওবাৰে মহানগৰীৰ পাণ্ডুঘাটত (Pandughat) এক শোকাৱহ ঘটনা সংঘটিত হয়। ব্ৰহ্মপুত্ৰত (Brahmaputra) গা ধুবলৈ গৈ চাৰিজন কিশোৰ ডুব গ’ল মহাবাহু ব্ৰহ্মপুত্ৰত। ৪ কিশোৰৰ ভিতৰত তিনিজন কিশোৰৰ মৃতদেহ উদ্ধাৰ কৰিছে SDRFৰ দলে। মৃতদেহ উদ্ধাৰ কৰা তিনিওজন কিশোৰৰ নাম অবিনাশ দাস, জিত দাস আৰু দয়াল শ্বেখ বুলি জানিব পৰা গৈছে। এতিয়াও সন্ধান ওলোৱা নাই আনজন কিশোৰৰ।
জানিব পৰা মতে ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈছিল কিশোৰ ৪ জন। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, মহাবাহুৰ বুকুত গা ধুই থাকোতেই এজন পানীৰ সোতত উটি যাবলৈ ধৰে । লগে লগে আন তিনিজনেও উদ্ধাৰৰ বাবে আগবাঢ়ি গৈ সন্ধানহীন হৈ পৰে। আটাইকেইজনে পানীত ডুব যায়।
Photo: Google





























Discussion about this post