১৬ জানুৱাৰীত আকস্মিকভাৱে ভাগি পৰা শিৱসাগৰ জিলাৰ (Sivasagar District) চেপন-চূণপোৰা সংযোগী দিচাং নৈৰ ভগ্ন দলঙত (Broken Disang Bridge) সংঘটিত হৈছে এক শোকাবহ দুৰ্ঘটনা (Tragic Accident)। দলঙৰ লোকনিৰ্মাণ বিভাগে দায়িত্বজ্ঞানহীনভাৱে জাপি থোৱা বালিভৰ্তি বস্তাৰ দ’মত খুন্দিয়াই অতি কৰুণভাৱে মৃত্যুক সাৱটি লয় এজন চাইকেল আৰোহীয়ে (Cycle Rider Died)।
স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, সন্ধিয়া সময়ত ৰুগীয়া পিতৃৰ বাবে ঘৰৰ পৰা ধিতাইপুখুৰীলৈ ফাৰ্মাচীৰ পৰা ঔষধ ক্ৰয় কৰিবলৈ আহিছিল শ্ৰীমন্ত ফুকন (৩১) নামৰ যুৱকজন ৷ বকতাৰ ফালৰ পৰা ভঙা দলংখনৰ ওপৰত বাঁহেৰে সজা দলংখন পাৰ হৈ মূল দলংখনো পাৰ হোৱাৰ পিছত লোকনিৰ্মাণ বিভাগে বিপদসংকুলভাৱে দলঙৰ মূৰত দ’মাই থোৱা বালিৰ বস্তাত খুন্দা মাৰি (Broken Disang Bridge) পকী পথত বাগৰি পৰে যুৱকজন।
ভঙা দলঙত বিভাগীয় কৰ্তৃপক্ষই পোহৰৰ ব্যৱস্থা নকৰাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি স্থানীয় লোকে জানিবলৈ দিছে। ইফালে স্থানীয় ৰাইজৰ সহযোগত শিমলুগুৰি (Simaluguri Police) আৰক্ষীয়ে দুৰ্ঘটনাত নিহত হোৱা শ্রীমন্ত ফুকনক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। আনহাতে দুৰ্ঘটনা হোৱা ঠাইত চেপা উত্তেজনা সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে।
১৬ জানুৱাৰীত দলংখন ভগাৰ পাছত দুয়োমূৰ সংযোগ বিচ্ছিন্ন হৈ পৰাত স্থানীয় ৰাইজৰ সুবিধাৰ্থে এখন বাঁহৰ দলং নিৰ্মাণ কৰা হৈছিল যদিও অঞ্চলটোত নাছিল কোনো পোহৰৰ ব্যৱস্থা। স্থানীয় ৰাইজে টায়াৰ জ্বলাই ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত (Protest Locals) কৰে অঞ্চলটোত।
Photo & Input: দ্বীপজ্যোতি গগৈ
Discussion about this post