ধুবুৰী জিলাৰ (Dhubri District) চাপৰ থানাৰ (Chapar Police Station) অন্তৰ্গত মৌৱাটাৰীত বুধবাৰে নিশা সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত (Tragic Road Accident) অকাল মৃত্যুক সাৱটি লৈছিল ৩ বন্ধুৱে (3 Youth Died)। নিশা এখন পালছাৰ ২২০ বাইকেৰে আহি থকা সময়ত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত এখন ৰখাই থোৱা কণ্টেইনাৰৰ ট্ৰাকত পাছফালৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মাৰিছিল বাইক আৰোহী তিনি বন্ধুৱে (Bike And Truck Accident)।
এই শোকাবহ দুৰ্ঘটনাটোত সূর্য অধিকাৰীৰ পুত্ৰ কংকণ অধিকাৰী (২৭) আৰু ভূপেন ৰায়ৰ পুত্ৰ জিতু ৰায় (৩০)ৰ থিতাতে মৃত্যু ঘটে। স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে উদ্ধাৰ কৰি আনজন আহত যুৱক প্রয়াত সুৰেশ ৰায়ৰ পুত্ৰ মমেন ৰায় (৩৫)ক সংকটজনক অৱস্থাত হাস্পতাললৈ প্ৰেৰণ কৰে।
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/horrific-road-accident-at-dhubri-3-youth-died-in-assam/8092/
মমেনক প্ৰথমে চাপৰ হাস্পতাললৈ নিয়া হয় যদিও তাত প্ৰাথমিক চিকিৎসা প্ৰদানৰ পিছতে বঙাইগাঁৱলৈ প্ৰেৰণ কৰা হয় উন্নত চিকিৎসাৰ বাবে। কিন্তু আদবাটতে প্ৰাণ হেৰুৱায় মমেনেও।
স্থানীয় লোকৰ সন্দেহ অনুসৰি সুৰাসক্ত হৈ বাহন চলোৱাৰ পৰিণতিতে সংঘটিত হয় এই দুৰ্ঘটনাটো। ইফালে চাপৰৰ সত্যপুৰৰ নিবাসী তিনি বন্ধুৰ এনেদৰে একেলগে মৃত্যুক লৈ শোকাকুল পৰিৱেশৰ সৃষ্টি গাঁওখনত।
আনহাতে যোৱা ১০ মাৰ্চত বিবাহ সম্পন্ন হৈছিল মৃত কংকণ অধিকাৰীৰ। কিন্তু বিয়াৰ এমাহ সম্পূৰ্ণ নৌহওতেই যুৱকজনে এনেদৰে দুই বন্ধুৰ সৈতে মৃত্যুক আঁকোৱালি লোৱাৰ ঘটনাই যেন সমগ্ৰ অঞ্চলটোক শোকবিহ্বল কৰি তুলিছে। কংকণৰ এনে আকস্মিক মৃত্যুত চকুৰ পানীৰে বাট নেদেখা হৈছে সদ্যবিবাহিতা পত্নী অংকনাই। দুটি কণমানিৰ পিতৃ মমেন ৰায় আৰু পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী জিতু ৰায়ৰ পৰিয়ালতো মুহূৰ্তৰ ভিতৰতে নামি আহে অমানিশা।
Photo: নুৰজামাল হক
আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/health/health-tips-eat-4-vegetables-to-burn-belly-fat/8138/
Discussion about this post