ৰাজ্যত দিনক দিনে বৃদ্ধি পায়ে গৈ আছে আত্মহত্যাৰ (Suicide) ঘটনা। এইবাৰ স্থান গুৱাহাটী (Guwahati)। মহানগৰীৰ গোপীনাথ নগৰত সংঘটিত হয় এই ঘটনা।
পংকজা নন্দ চৌধুৰী নামৰ এজন ২৪ বছৰীয়া যুৱকে চিপ লৈ আত্মহত্যা কৰে (24 Years Old Boy Commited Suicide)। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। কিন্তু কি কাৰণত যুৱকজনে আত্মহত্যা কৰিলে জানিবলৈ পৰা হোৱা নাই।
মঙলবাৰেও বিলাসীপাৰাত (Bilasipara) ৰেজাবুল ইছলাম নামৰ এজন যুৱকে চিপ লৈ আত্মহত্যা কৰিছিল। জিঅ’ টেলিকমত (Jio Telecom) অভিযন্তা (Engineer) হিচাপে কৰ্মৰত আছিল যুৱকজন।
Photo: Ramesh Baishya
Published By: Dulu Medhi
Discussion about this post