জুনিয়ৰ ছাত্ৰক ৰেগিং (Ragging) কৰাৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ (Dibrugarh University) সহঃ সাধাৰণ সম্পাদকসহ দুজন জ্যেষ্ঠ ছাত্ৰক ২ বছৰৰ বাবে বহিষ্কাৰ। বহিষ্কাৰ কৰা ছাত্ৰ দুজনৰ নাম ঋতুপৰ্ণ দাস (Rituparna Das) আৰু কিংকু শইকীয়া (Kingku Saikia)। বিশ্ববিদ্যালয়খনৰ পঞ্জীয়কে জাননী জাৰি কৰি এই নিৰ্দেশ প্ৰদান কৰে।
উজনি অসমৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ (Dibrugarh University) ৰেগিঙক (Ragging) কেন্দ্ৰ কৰি বিভিন্ন সময়ত বিশ্ববিদ্যালয়খনত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হৈ আহিছে। আৰু বিগত বৰ্ষতো ৰেগিঙক লৈ বিশ্ববিদ্যালয়খনৰ চোহদত অপ্ৰীতিকৰ পৰিবেশ সৃষ্টি হৈছিল। আৰু আজি পুনৰবাৰ সেই ৰেগিঙক কেন্দ্ৰ কৰি বিশ্ববিদ্যলয়খনত তেনে পৰিবেশ হোৱাত বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই বৰ্তমানৰ ছাত্ৰ একতা সভাৰ সহকাৰী সাধাৰণ সম্পাদক ঋতুপৰ্ণ দাসক আৰু কিংকু শইকীয়াক দুই বছৰৰ বাবে বহিষ্কাৰ (Suspend For 2 Years) কৰে।
ছাত্ৰ একতা সভাৰ সহকাৰী সাধাৰণ সম্পাদক ঋতুৰ্পণ দাস আৰু কিংকু শইকীয়াক দুবছৰৰ বাবে বহিষ্কাৰ কৰাক লৈ প্ৰাক্তন একতা সভাৰ সভাপতিগৰাকীয়ে সমৰ্থন জনাই এনেদৰে মত পোষণ কৰি কয় যে- ঐতিহ্যময় এই বিশ্ববিদ্যালয়খন ৰেগিং মুক্ত কৰিবয়ে লাগিব আৰু এই ৰেগিঙে শিক্ষিত সমাজক লজ্জিত কৰি তুলিচে। তেওঁ লগতে কয় যে কেৱল এইবছৰে নহয় আগতো এনে ৰেগিং কাৰ্য বিশ্ববিদ্যালয়খনত চলি আহিছে গতিকে এনে ৰেগিং নাইকিয়া কৰিবয়ে লাগিব।
এনে কাৰ্য ভয়াবহভাবে বাঢ়িব ধৰিছে। তেওঁ লগতে বৰ্তমানৰ ছাত্ৰ একতা সভাৰ সহকাৰী সম্পাদক ঋতুপৰ্ণ দাসৰ উপৰত অভিযোগ আনি প্ৰায় ১২জন ছাত্ৰক ৰেগিং কৰা কাৰ্যক লৈ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই দুই বছৰৰ বাবে বহিষ্কাৰ কৰা কাৰ্যক সৰ্মথন কৰি এই সিদ্ধান্তক সন্মান জনোৱা বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে।
Photo & Input: Khatang Khobor
Discussion about this post