নগাঁৱৰ (Nagaon) ৰণথলিৰ পথাৰত দুটাকৈ শক্তিশালী বোমা উদ্বাৰ (Bomb Recover)। পথাৰত JCBৰে মাটি কাটি থকা অৱস্থাত উদ্ধাৰ হয় বৃহৎ আকাৰৰ IED দুটা। বোমা দুটা প্ৰত্যক্ষ কৰাৰ পাছতে স্থানীয় ৰাইজে নগাঁও আৰক্ষীক (Nagaon Police) খবৰ দিয়ে। লগে লগে নগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বুলেট প্ৰুফ তিৰপালেৰে ঢাকি দিয়ে বোমা দুটা।
বৰ্তমান আতংকিত হৈ পৰিছে অঞ্চলবাসী। ইতিমধ্যে বোমা বিশেষজ্ঞৰ এটা দল ঘটনাস্থলীলৈ ৰাওনা হৈছে। শক্তিশালী বোমা দুটা উদ্বাৰ হোৱা স্থানতে নিস্ক্ৰিয় কৰা হ’ব বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে। কোনে কি কাৰণত এই বৃহৎ আকাৰৰ বোমা দুটা এনেদৰে পথাৰত লুকুৱাই ৰাখিছিল সেই কথা জানিবলৈ সক্ষম হোৱা নাই।
Photo & Input: ৱাহিদুদ জামান
Discussion about this post