লখিমপুৰৰ মহাইজানৰ পটিয়াত এক অমানৱীয় ঘটনা সংঘটিত হয়। এশ বছৰীয়া বৃদ্ধাক প্ৰহাৰ কৰিলে উদণ্ড যুৱকে। লখিমপুৰ উত্তৰ লখিমপুৰ সদৰ থানাৰ অধীনৰ মহাইজান পটিয়া গাঁৱৰ নিবাসী তৰুণ হাজৰিকাৰ এশ বছৰীয়া বৃদ্ধা মাতৃ ধৰ্মেশ্বৰী হাজৰিকাক ঢেকীয়া বুটলিবলৈ যাওঁতে একে গাৱঁৰে ত্ৰৈলোক্য শইকীয়াৰ পুত্ৰ ভাইটি শইকীয়াই প্ৰহাৰ কৰি আঘাটপ্ৰাপ্ত কৰে বৃদ্ধাগৰাকীক।
ঘটনাৰ প্ৰকৃত কাৰণ অজ্ঞাত। প্ৰহৃত বৃদ্ধাগৰাকীয়েও এই সংক্ৰান্তত একো সুদুত্তৰ দিব পৰা নাই বৰ্তমানলৈ।
ইতিমধ্যে ধৰ্মেশ্বৰী হাজৰিকাৰ পুত্ৰ তৰুণ হাজৰিকাই ঘটনা সন্দৰ্ভতত উত্তৰ লখিমপুৰ সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে আৰু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
এগৰাকী শতায়ু গৰকা অসুস্থ বৃদ্ধাক প্ৰহাৰ কৰা এই ঘটনাই সমগ্র অঞ্চলতে সৃষ্টি কৰিছে চাঞ্চল্যৰ। সচেতন ৰাইজ তথা ধৰ্মেশ্বৰী হাজৰিকাৰ পৰিয়ালৰ লোকে বৃদ্ধাগৰাকীক প্ৰহাৰ কৰা উদণ্ড যুৱক ভাইটি শইকীয়াক গ্ৰেপ্তাৰ কৰি বৃদ্ধাগৰাকীক ন্যায় প্ৰদান কৰিবলৈ দাবী জনাইছে।
Photo & Input: ইছৰাকুল ইছলাম
Discussion about this post