ৰাজ্যৰ আন আন জিলা বা চহৰ সমূহতকৈ কিছু শিথিল গুৱাহাটীৰ ক’ভিড প্ৰট’কল।গুৱাহাটীত বিয়লি চাৰি বজালৈ খোলা সকলো দোকান পোহাৰ। চলাত বাধা নাই যান বাহনো। ৫ বজাৰ পৰা পুৱা ৫ বজালৈ কাৰ্ফিউ।এই শিথিলতাৰেই যেন সুযোগ লৈছে গুৱাহাটীৰ একাংশই। বিয়লি ৫ বজাৰ পাছত গুৱাহাটীত দোকান পোহাৰ বন্ধ হোৱাৰ লগতে যান বাহনৰ চলাচলো বন্ধ হয় যদিও ৰাজপথত ভিৰ কৰেহি খোজকঢ়া লোক আৰু চাইকেল আৰোহী সকলে। বিয়লি ৫ বজাৰ পাছৰ গুৱাহাটীখন দেখিলে আপোনাৰো সন্দেহ হ’ব, সচাঁকৈ আছেনে কাৰ্ফিউ। জাক পাতি পাতি মানুহে খোজ কাঢ়ে। প্ৰতিযোগিতাৰ দৰেই সমদল হয় চাইকেলৰ। পিছে আৰু নহ’ব। কাৰ্ফিউৰ সময়ৰ গুৱাহাটীৰ এই পৰিস্থিতক লৈ চিন্তিত প্ৰশাসন আৰু ৰাজ্যৰ স্বাস্থ্য বিভাগ। ইফালে কামৰূপ মহানগৰত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ভিডৰ পজিটীভিটী হাৰ। ক’ভিড পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ আহিছিল যদিও পূৰ্বৰ তুলনাত পৰিস্থিতি অৱনমিত হৈছে কামৰূপ মহানগৰ জিলাত।জিলাখনত ক্ৰমাত জটিল হ’বলৈ ধৰা ক’ভিড পৰিস্থিতি সন্দৰ্ভত বুধবাৰে সন্ধিয়া জিলা প্ৰশাসনৰ মুৰব্বী -আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ বিষয়াৰে মিলিত হয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। এই বৈঠকতেই ক’ভিড প্ৰট’কল কঠোৰ কৰাৰ সিদ্ধান্ত লোৱা হয়। সেই অনুসৰি কাৰ্ফিউৰ সময়ত চাইকেল চলোৱা আৰু খোজকঢ়া আদিৰ ওপৰতো নিযেধাজ্ঞা অনাৰ সিদ্ধান্ত লয় আলোচনাত। তাৰোপৰি কামৰূপ মহানগৰত কাৰ্ফিউ তথা আইন ভংগকাৰী আৰু ক’ভিড নিয়মাৱলী নমনা সকলৰ বিৰুদ্ধে প্ৰশাসন-আৰক্ষীৰ যৌথ টাস্ক ফৰ্চৰ উমৈহতীয়া অভিযান চলোৱাৰ সিদ্ধান্ত লয় প্ৰশাসনে।
Discussion about this post