গাড়ী চলোৱা চালকসকলে নিশ্চয়কৈ জানিব যে গাড়ী ঘূৰোৱা আৰু ৰিভাৰ্ছ কৰা অলপ কঠিন কাম আৰু এই কঠিন কামটো আৰু অধিক কঠিন হৈ পৰে যেতিয়া গাড়ী ঘূৰাবলৈ ঠাই নাথাকে। যদি আপুনি পাহাৰত আছে আৰু এটা ঠেক ৰাস্তাত গাড়ী ঘূৰাই দিব লগা হয় তেন্তে আপোনাৰ কি হ’ব। কিন্তু আপোনালোকে নিশ্চয় জানে হয়টো পৃথিৱীত বহুত এনেকুৱা চালক আছে, যিয়ে যিকোনো ৰাস্তাতে গাড়ী চলোৱাব পাৰে। এনেকুৱা এজন চালকৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল (Social Media Viral Video) হৈ পৰিছে, যিয়ে গাড়ীখন পাহাৰৰ অতি ঠেক ৰাস্তাত ঘূৰাই দিছিল।
Viral Video-
১ মিনিট ২১ ছেকেণ্ডৰ ভিডিঅ’টোত এটা মুহূৰ্তও এনেকুৱা নহ’ব যে যেতিয়া আপোনাৰ অনুভৱ হ’ব এইবাৰ গ’ল খাৱৈত। কিন্তু চালকজনৰ সামৰ্থ্য আৰু বুদ্ধিমত্তা ইমান বেছি আছিল যে গাড়ীখনৰ অলপো ক্ষতি হোৱা নাছিল আৰু সুন্দৰভাৱে ঘূৰুৱাই লৈ গৈছিল। ভিডিঅ’টোত (Social Media Viral Video) প্ৰথম দহ ছেকেণ্ডত এনেকুৱা লগাই নাছিল কি গাড়ীখন ঘূৰিব কিন্তু চালকজনে কেনেবাকৈ গাড়ীখন চিধাৰ পৰা বেকা কৰিছিল। চালকজনে অলপ ভুল কৰিলে গাড়ীখন খাৱৈত বাগৰি পৰিলেহেতেন, কিন্তু চালকজনে অতি সাৱধানে গাড়ীখন ওলিয়াই লৈ যায়।
I fell down while watching it pic.twitter.com/KOaCd6EUhd
— Joy (@Joydas) January 23, 2022
ভিডিঅ’টো ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত, মানুহে একাধিক মন্তব্য কৰিছে। এজন ব্যৱহাৰকাৰীয়ে টেছলা কোম্পানীৰ মালিক এলন মাস্কক টেগ কৰি লিখিছিল, “ছাৰ- আপোনাৰ চেল্ফ-ড্ৰাইভ গাড়ীয়ে এই প্ৰত্যাহ্বানটো ল’ব পাৰিবনে?” আন এজন ব্যৱহাৰকাৰীয়ে লিখিছিল – এইজন হেভী ড্ৰাইভাৰ। একে সময়তে আন এজন ব্যৱহাৰকাৰীয়ে লিখিছিল যে ‘Dar Ke Aage Jit hain, Mountain Dew ka Add yad Aa Gaya’। আপুনি এই ভিডিঅ’টো চাওক আৰু আমাক কমেণ্ট কৰি কওক যে এই ভিডিঅ’টোৰ বিষয়ে আপুনি কি ভাবে।
Photo: Google
Discussion about this post