এক অমানৱীয় কাণ্ড (Cruelty Incident) সংঘটিত হৈছে ওড়িশাৰ (Odisha) কটক চহৰত (Cuttack City)। ধাৰে লোৱা টকা সময়ত ঘূৰাই দিব নোৱাৰাৰ বাবেই কাবুলিৱালাই এজন যুৱকৰ সৈতে কৰিলে এই নিষ্ঠুৰতা। বাইকৰ পিছত ৰছীৰে বান্ধি যুৱকজনক ২ কিলোমিটাৰ পথ ৰাজপথেৰে টানি লৈ গ’ল দুই কাবুলিৱালাই (Viral Video)।
জানিব পৰা অনুসৰি, কটক চহৰৰ এজন যুৱকে এজন কাবুলীৱালাৰ পৰা ১৫০০ টকা ধাৰলৈ লৈছিল। কিন্তু ধাৰে লোৱা টকাখিনি ঘূৰাই দিবলৈ বাৰে-বাৰে কোৱাৰ পিছতো যুৱকজনে আৰ্থিক অভাৱৰ বাবে টকাখিনি ঘূৰাই দিবলৈ পৰা নাছিল।
Why is Cuttack called the city of brotherhood?Muslim youth drags Man on road .Think once if it had happened inPakistan and Bangladesh,then?The fault was that he could not refund Rs.1500.Two arrested.@changu311 pic.twitter.com/UAkOgWPsWj
— kalingashree panda🇮🇳 (@kalingashree) October 17, 2022
যাৰ বাবে দুই যুৱকে টকা ধাৰলৈ লোৱা যুৱকজনক স্কুটীৰৰ পাছফালে বান্ধি চহৰখনৰ ছেল্টাৰ চ’কৰ পৰা মিছন ৰোডলৈ টানি লৈ যায়। এই ঘটনাৰ এটা ভিডিঅ’ ভাইৰেল হৈ (Social Media Viral Video) পৰাৰ পিছতে আৰক্ষীয়ে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰি কাবুলিৱালা যুৱক দুজনক গ্ৰেপ্তাৰ কৰিছে (Two Arrest)।
Photo: Twitter
আৰু পঢ়কঃ https://khatangkhobor.com/news/national/tragic-road-accident-5-members-died-at-rajasthan/12351/
Discussion about this post