Theif crosses narrow window in front of police: আপুনি নিশ্চয় চোৰৰ কাৰ্য্যকলাপৰ বহুতো কাহিনী দেখিছে আৰু শুনিছে। কিন্তু এটা চোৰে যি কৰিছিল সেয়া যথেষ্ট আচৰিত হ’বলগীয়া। কিছুদিনৰ পৰা ছচিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ আছে। য’ত এটা চোৰক (Theif) এটা ঘৰৰ খিৰিকীৰে বাহিৰৰ পৰা ভিতৰলৈ যোৱা দেখা গৈছে। খিৰিকীৰ মাজত থকা ব্যৱধানক দেখি আপুনি কল্পনাও কৰিব নোৱাৰে যে ইয়াৰে কোনোবা মানুহ এটা ফালৰ পৰা আন ফাললৈ যাব পাৰিব। কিন্তু সেই চোৰটোৱে এইটো অতি সহজে কৰিছে। যিয়ে ছচিয়েল মিডিয়াত ভিডিঅ’টো (Social Media Video) দেখিছিল, তেওঁলোক এই কথাটোকে কৈছিল যে, ‘ৱাহ চোৰ ককাইদেউ! আপুনি ডিজাইনাৰসকলৰ চকু খুলি দিলে। ভিডিঅ’টোত কি কি আছে বিশেষত্ব?
টুইটাৰত ভিডিঅ’টো Doctor Gulati L L B নামৰ এটা পেজত শ্বেয়াৰ কৰা হৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে, ‘আৰক্ষীৰ লোকসকল নিশ্চিত নাছিল যে এই লোকজন কেনেকৈ এই খিৰিকীৰ পৰা ওলাই আহিব পাৰে। তেতিয়া চোৰটোৱে দেখুৱালে নমুনা’।
চাওক VIDEO-
https://twitter.com/DRGulati80/status/1468293103660331009?s=20
Photo: ABP News




























Discussion about this post