ৰিয়েলিটি টিভি তাৰকা আৰু 90 Day Fianceত কাম কৰা ষ্টেফনি মেটো পুনৰবাৰ বাতৰিৰ শিৰোনাম দখল কৰিছে। ষ্টেফনি মেটোক (Stephanie Matto) চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁ নিজৰ অধোবায়ু বা পাদ (Farts) টেমাত ভৰাই বিক্ৰী (Selling) কৰিছিল আৰু প্ৰতি সপ্তাহত ৩৭ লাখ টকা উপাৰ্জন কৰিছিল। সেইকাৰণে তাই এতিয়া অসুস্থ হৈ পৰিছে আৰু চিকিৎসালয়ত ভৰ্তি হ’ব লগা হৈছে। ডেইলী মেইলৰ বাতৰি অনুসৰি, ষ্টেফনিৰ হাৰ্ট এটেক (Heart Attack)ৰ লক্ষণ আছিল। ষ্টেফনিয়ে কৈছিল যে তাই পাদ বিক্ৰী (Selling) কৰা কামটো বেছিকৈ কৰিব ধৰিছিল।
ষ্টেফনিয়ে জানিবলৈ দিয়া অনুসৰি, তেওঁ অধিক পাদ (Farts) পাবলৈ প্ৰতিদিনে ৩টা প্ৰ’টিন শ্বেক আৰু এবাটি ক’লা বীন চুপ খাইছিল। ইয়াৰ ফলত তাইৰ বুকুৰ বিষ হৈছিল আৰু তাই ততাতৈয়াকৈ চিকিৎসালয়ত উপস্থিত হৈছিল। চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছত, ষ্টেফনিয়ে এতিয়া তাইৰ ব্যৱসায় বন্ধ কৰি দিম বুলি কৈছে। ষ্টেফনিয়ে বৰ্ণনা কৰিছিল যে তেজ পৰীক্ষাৰ উপৰিও তাইৰ বহুতো পৰীক্ষা কৰোৱা হৈছিল। তাৰ ফলত তেওঁ জানিব পাৰিছিল যে তেওঁৰ বুকুত গেছ উৎপাদনকাৰী বীন তথা কণীৰ বাবে বিষ হৈ আছিল।
তেওঁ প্ৰতি সপ্তাহত ৫০টা টেমা ভৰ্তি কৰি বিক্ৰী কৰিছিল পাদ
আপুনি জানি আচৰিত হ’ব যে ষ্টেফনিয়ে প্ৰতি সপ্তাহত ৫০টা টেমা ভৰাই তাইৰ পাদ (Farts) বিক্ৰী কৰিছিল। তেওঁৰ পাদৰ এটা টেমাৰ মূল্য ১,০০০ ডলাৰৰ ওচৰত আছিল। এনেদৰে তাই সপ্তাহত লাখ টকা উপাৰ্জন কৰিছিল। ছচিয়েল মিডিয়াত তেওঁৰ ২ লাখ ৬০ হাজাৰ অনুসৰণকাৰীয়ে তেওঁৰ পাদ (Farts) ক্ৰয় কৰিছিল। ষ্টেফনিৰ মতে, অত্যাধিক গেছ গঠন হোৱাৰ বাবে তেওঁ উশাহ ল’বলৈও কষ্ট পাইছিল। যেতিয়া তেওঁ উশাহ লৈছিল তেওঁৰ হৃদয়ৰ ওচৰত সংবেদন (Sensation) হ’বলৈ ধৰিছিল।
বন্ধুৱে চিকিৎসালয়ত ভৰ্তি কৰোৱাইছিল
হঠাতে বুকুৰ বিষ হোৱাৰ পিছত, আমেৰিকা যুক্তৰাষ্ট্ৰৰ কানেকটিকাটত বাস কৰা ষ্টেফনিক তেওঁৰ বন্ধুবৰ্গই ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ গৈছিল। তেওঁ চিকিৎসকক তেওঁৰ অদ্ভুত কেৰিয়াৰৰ বিষয়ে কোৱা নাছিল। চিকিৎসকসকলে তেওঁক গেছ প্ৰতিৰোধৰ ঔষধ দিছিল। যাৰ ফলত তেওঁৰ ব্যৱসায় ডুবি গৈছিল। ষ্টেফনিৰ মতে, বহুতো পুৰুষে তেওঁ পিন্ধা কাপোৰ, গা ধোৱা পানী আদি কিনিব বিচাৰিছিল। তাৰ পিছত তেওঁৰ মগজুত পাদ (Farts) বিক্ৰী কৰাৰ আইডিয়া আহিছিল। তেওঁৰ পাদ কিনিবলৈ প্ৰতিদিনে শ শ অৰ্ডাৰ আহিছিল।
Photo: Zee News




























Discussion about this post