শিৱসাগৰত (Sivasagar) এজন ছাত্ৰৰ বিস্ময়কৰ উদ্ভাৱন। নিজেই সাঁজি উলিয়াইছে বিভিন্ন ধৰণৰ সামগ্ৰী। শিৱসাগৰ (Sivasagar) জিলাৰ ধিতাই পুখুৰীৰ এইজন ছাত্ৰ নাম দৰ্শিত সুন্দৰ মহন্ত। তেওঁৰ আছে বহু প্ৰতিভা। বৈজ্ঞানিক দৃষ্টিভংগীৰে বিভিন্ন ধৰণৰ সামগ্ৰী নিৰ্মাণ কৰি আহিছে ছাত্ৰজনে। লগতে সাংস্কৃতিক দিশটো আছে বিশেষ প্ৰতিভা।
ধোল, নাগাৰা আৰু তবলা বজাব জানে ছাত্ৰজনে। বাক-চুৰ ছাত্ৰ দৰ্শিত সুন্দৰ মহন্তই অধ্যয়ন কৰি আছে ষষ্ঠ শ্ৰেণীত তেজপুৰ অসম ফাইয়াৰ ষ্টেচনৰ ২নং কেন্দ্ৰীয় বিদ্যালয়ত। পিতৃ পৰেশ মহন্ত আৰু মাতৃ বিনু মহন্তৰ পুত্ৰ দৰ্শিত সুন্দৰ মহন্তই আজি লৈকে বহু কেইবিধ সামগ্ৰী নিজৰ হাতেৰে সাঁজি স্থানীয় ৰাইজক আপ্লুত কৰা পৰিলক্ষিত হয়।
YouTubeত ভিডিঅ চাই নিজেই সাজি উলিয়াইছে এটা ড্ৰোণ কেমেৰা (Drone Camera)। এই কেমেৰাৰ উৰণ চাবলৈ স্থানীয় বিদ্যালয়ৰ বহু সংখ্যক ছাত্র-ছাত্ৰীৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত হয় খেল পথাৰত।
Photo & Input: দীপক ছেত্ৰী
আৰু পঢ়কঃ https://khatangkhobor.com/news/thief-looted-6-lakh-from-hotel-at-guwahati/5072/
Discussion about this post