অসম-মিজোৰাম সীমান্তৰ ঘটনাক লৈ শিৱসাগৰ আৱৰ্ত ভৱনত সংবাদমেল বিধায়ক অখিল গগৈৰ। সংবাদমেলৰ আৰম্ভণিতে অলপ সময়ৰ বাবে থিয় হৈ শ্বহীদ জোৱানকেইজনক শ্ৰদ্ধা জ্ঞাপন কৰে।
অসমৰ ইতিহাসত নোহোৱা-নোপোজা ঘটনা। ১৯৮৫ত এবাৰেই মাত্ৰ এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছিল।
অসমৰ সৈতে নাগালেণ্ডৰ মেৰাপানীত এনেধৰণৰ ঘটনা সংঘটিত হৈছিল। তাৰ পিছত এইটো দ্বিতীয় সৰ্ববৃহৎ ঘটনা।
৭জন জোৱান নিহত হোৱাৰ ঘটনা, কেইবাজনো আহত হোৱাৰ এই জঘন্য ঘটনা সংঘটিত হৈছে। অসমত এই বৃহৎ ঘটনা সংঘটিত কৰি মিজোৰামে কি ইংগিত দিব বিচাৰিছে, মিজোৰামে অসমলৈ কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে, সেই বাৰ্তাৰ মুখামুখি হ’বলৈ মই অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছো।
‘মুখ্যমন্ত্ৰীয়ে মৃত্যু হোৱা জোৱানৰ টুইট দি নিজৰ দায়িত্বৰ পৰা আঁতৰি যাব নোৱাৰে। মুখ্যমন্ত্ৰীয়ে ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যাৰ টুইট দিয়া আমি দেখি আহিছো। এইবাৰ সীমান্তত শ্বহীদ হোৱা আৰক্ষী আৰু সাধাৰণ নাগৰিকৰ মৃত্যুৰ টুইট দি নিজৰ দায়িত্বৰ পৰা আতৰি যাব খুজিছে। হাস্পতাললৈ গৈ আহতসকলৰ কেৱল খবৰ ল’লেই নহয়।’- হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ শিৱসাগৰৰ বিধায়ক অখিল গগৈ।
‘টকা যেতিয়া বহুত থাকে তেতিয়া পাতল মানুহ কিছুমানক কিনিব পায়। সেইবিলাক কাম তেওঁ কৰিব পাৰে। মই তেওঁক এতিয়ালৈ ইতিবাচক কাম কৰা দেখা নায়। কংগ্ৰেছী মানুহবিলাক বিজেপিলৈ গৈ, কংগ্ৰেছ যে বিশ্বাসযোগ্য নহয় সেইটো প্ৰমাণ কৰি দিছে। চৰকাৰ এখন বা শাসক দল এখনে এনেকৈ নিজৰ কব্জালৈ নিয়াটো নিশ্চিভাৱে লজ্জাজনক ঘটনা। সুশান্ত বৰগোঁহাইয়ে হওক বা ৰূপজ্যোতি কুৰ্মীয়ে হওক এনেধৰণৰ লোকক অসমৰ মানুহে ঘৃণা কৰিবলৈ আহ্বান জনাইছো। ক্ৰয় কৰা লোকসমূহো ঘৃণা কৰিব লাগে।’- সুশান্ত বৰগোহাঁইয়ে বিজেপিত যোগ কৰা প্ৰসংগত তীব্ৰ সমালোচনা বিধায়কগৰাকীৰ।
‘৭জন অসমীয়া লোকক হেৰুৱাই, টুইটাৰত যুদ্ধ কৰি আমি কেতিয়াও মুখ্যমন্ত্ৰীক ক্ষমা কৰিব নোৱাৰো। কেৱল টুইট কৰি দায়িত্ব সাৰিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে। কঠোৰতম ব্যৱস্থা লওঁক, অন্যথা পদত্যাগ কৰক মুখ্যমন্ত্ৰী-গৃহমন্ত্ৰীয়ে।’- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা অখিল গগৈৰ।
মিজোৰামে ক’ত কিমান দখল কৰিছে অসমৰ ভূমি। দখলীকৃত ভুমিৰ তথ্য দিলে বিধায়ক অখিল গগৈয়ে। এক ইঞ্চি মাটিও এৰি নিদিয়াৰ ডায়লগ শুনি শুনি আমনি লাগিছে। অসম কন্যা লাভলীনা বৰগোঁহাইলৈও শুভেচ্ছা জ্ঞাপন শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ।
Discussion about this post