Couple injured at Wedding: বৰ্তমান ভাৰতত বিয়াৰ বতৰ চলি আছে। ইয়াৰ মাজতে, কইনা আৰু দৰায়ে তেওঁলোকৰ বিয়াখন স্মৰণীয় কৰি তুলিবলৈ কোনো ধৰণৰ চেষ্টা এৰি দিয়া নাই। আজিকালি, বিবাহত Grand Entryৰ যথেষ্ট প্ৰচলিত হৈছে। এনে কৰাৰ বাবে এহাল যুটীয়ে পালে শিক্ষা আৰু এটা ডাঙৰ দুৰ্ঘটনাৰ ভুক্তভোগী হৈছিল। ঘটনাটোৰ ভিডিঅ’ সামাজিক মাধ্যমত প্ৰকাশ পাইছে।
দৰা আৰু কইনা ১২ ফুট উচ্চতাৰ পৰা বাগৰি পৰে
ঘটনাটো ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰৰ। ভাইৰেল ভিডিঅ’টোত আপুনি দৰা আৰু কইনাক গ্ৰেণ্ড এণ্ট্ৰি লোৱাৰ প্ৰক্ৰিয়াত দোলনাত বহি থকা দেখা পাইছে। দৰা আৰু কইনাই এটা ঘূৰণীয়া ৰিঙৰ দৰে তৈয়াৰ কৰা দোলনা এখনত বহি প্ৰৱেশ কৰিবলৈ ওলাইছিল হে, কিন্তু হঠাতে দোলনাৰ ৰছী ছিঙি যায় আৰু দুয়ো মঞ্চত ১২ ফুট উচ্চতাৰ পৰা তলত বাগৰি পৰে। অৱশ্যে, সৌভাগ্যক্ৰমে কইনা আৰু দৰাই বিশেষ আঘাত পোৱা নাছিল।
Unfortunate accident at Raipur Wedding yesterday.
Thank God all are safe.
source : https://t.co/yal9Wzqt2f pic.twitter.com/ehgu4PTO8f— Amandeep Singh (@amandeep14) December 12, 2021
হঠাতে দোলনাৰ ৰছী ছিঙি গৈছিল
যিটো সময়ত এই ঘটনাটো ঘটিছিল সেয়া দেখি দৰা আৰু কইনাৰ পৰিয়ালে বহুত ভয় খাইছিল। দোলনাৰ ৰছী ছিঙি যোৱাৰ লগে লগে বিয়াৰ অনুষ্ঠানটোত হুলস্থুলৰ সৃষ্টি হৈছিল। বিয়াখন ৰায়পুৰ আৰক্ষী থানা অঞ্চলৰ তেলিবন্ধাৰ এখন হোটেলত অনুষ্ঠিত হৈছিল। এটা ইভেণ্ট কোম্পানীক কইনা আৰু দৰাৰ Grand Entry আৰু বিবাহ অনুষ্ঠানৰ দায়িত্ব দিয়া হৈছিল। শনিবাৰে বিয়াৰ সময়ছোৱাত ফটকা ফুটি আছিল আৰু দৰা আৰু কইনাৰ Grand Entryত সকলোৱে নাচি আছিল। চাওক VIDEO-
ভিডিঅ’টোত দেখা পোৱা গৈছে যে ঝুলনাৰে যেতিয়াই দৰা-কইনাই প্ৰৱেশ কৰে আৰু তেওঁলোকক ক্ৰেনৰ সহায়েৰে ওপৰলৈ উঠাই দিয়া হৈছিল। সেই সময়তে ঝুলনাৰ ৰচী হঠাতে ছিঙি গৈছিল। তাৰ পিছত দৰা-কইনা ১২ ফুট উচ্চতাৰ পৰা বাগৰি পৰে। ইয়াৰ পিছত অনুষ্ঠানটোত চিঞৰ বাখৰ আৰম্ভ হৈছিল। মানুহে মঞ্চৰ ফালে দৌৰিবলৈ আৰম্ভ কৰিলে। অৱশ্যে, দৰা আৰু কইনা দুয়ো সামান্যভাৱে আঘাতপ্ৰাপ্ত হৈছিল আৰু আধা ঘণ্টা পিছত বিবাহ অনুষ্ঠান সম্পূৰ্ণ হৈছিল।
Photo: Zee News
আৰু পঢ়কঃ https://khatangkhobor.com/news/helmet-thief-detain-by-jorhat-police-in-assam/5275/
Discussion about this post