গো সুৰক্ষা আইন সদনত উত্থাপন হোৱাৰ পিছতে এতিয়া ৰাজ্যজুৰি ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইয়াৰ মাজতে গো সুৰক্ষা আইনক সমৰ্থন জনাই ছ’ছিয়েল মিডিয়াত ব্যাপক ভাইৰেল এজন সত্ৰাধিকাৰ। সত্ৰাধিকাৰজনৰ এটা মন্তব্যই তোলপাৰ লগাইছে ছচিয়েল মিডিয়াত।
সত্ৰাধিকাৰজনৰ মন্তব্য অনুসৰি, গো সুৰক্ষা আইন উত্থাপন কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আমি আদৰণি আৰু অভিনন্দন জনাইছো। গো সুৰক্ষা আইন আমি একেমুখে অহাটো আমি বিচাৰিছো, আমি স্বীকাৰ কৰিছো।
বিশেষ কথাটো হৈছে যে, হিমন্ত বিশ্ব শৰ্মাৰ এই গো সুৰক্ষা আইনখনে ইতিহাস প্ৰহসন কৰিব, যিহেতু স্বাধীনোত্তৰ কালৰ পৰা দাবী কৰি অহা হৈছে যে, গো হত্যা বন্ধ কৰিব লাগিব, যিহেতু সনাতন ধৰ্ম অনুসৰি গো সকলোৰে পূজনীয়, বিশেষকৈ আমি যদি ধৰ্মীয় মেৰুকৰণলৈ নাযায় চাও যে, একমাত্ৰ জন্তু যি অক্সিজেন গ্ৰহণ কৰে আৰু অক্সিজেন এৰি দিয়ে আৰু এইটো মানৱৰ কাৰণে আটাইতকৈ উপযোগী।
সকলোৱে গৰুক সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত অংশীদাৰ হ’ব লাগে। বিশেষকৈ হিন্দু ৰাষ্ট্ৰ হিচাপে ভাৰতত গো মাতাৰ সুৰক্ষা আইন হোৱাটো সকলোৱে কাম্য। আমি বিচাৰো হিন্দু মহাসংঘই হিমন্ত বিশ্ব শৰ্মাক পুনৰবাৰ ধন্যবাদ জনাইছো আৰু এই আইন গৃহীত কৰি কোনো সুৰঙা নথকাকৈ গৰু কটাৰ পাৰ্মিটে হওক বা গৰু সৰবৰাহৰ ক্ষেত্ৰতে হওক যাতে কোনো ছিণ্ডিকেটৰ নিৰ্মাণ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি গো সুৰক্ষা আইন অহাটো আমি আশা ৰাখিছো।
যিহেতু গৰুৰ গাত যদি ১৫ মিনিট হাত ফুৰোৱা যায় তেন্তে ৰক্তচাপ নিয়ন্ত্ৰণ হয় আৰু বিশেষকৈ গৰুৰ মুট, গাখীৰ আৰু গোৱৰৰ সংমিশ্ৰনত যক্ষ্মা আৰু কেঞ্চাৰ ৰোগৰ প্ৰতিষেধক আছে বুলি বৈজ্ঞানিকসকলে স্থাৱৰ কৰিছে।
যিসকল বিধায়কে ইয়াৰ প্ৰতিবাদ কৰিছে আৰু তেওঁলোকে সাম্প্ৰদায়িকতাৰ আলম লৈ সমাজ বিভেদ কৰাৰ চেষ্টা কৰাৰ প্ৰয়াস কৰিছে কাৰণ তেওঁলোকে গৰুৰ কথা একোৱেই নাজানে। তেওঁলোকক ইতিহাস অধ্যয়ন কৰাৰ আহ্বান জনাইছো।
Photo: Facebook
Discussion about this post