৩১ অক্টোবৰত দৰঙৰ (Darrang) বেছিমাৰীৰ দুৰ্ঘটনাত ৫জনকৈ লোকৰ মৃত্যুক লৈ একাংশ সংবাদ মাধ্যমত অপপ্ৰচাৰ। সৰভোগৰ প্ৰতিভাৱান ইউ টিউবাৰ (You Tuber) ছানিয়া আখতাৰক মৃত্যু হোৱা বুলি প্ৰচাৰ একাংশৰ। ভুল তথ্য প্ৰচাৰ কৰি পৰিয়ালটোক মানসিক কষ্ট নিদিবলৈ আহ্বান কিশোৰীগৰাকী আৰু পৰিয়ালৰ।
দলগাঁৱত দূৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল দৰঙৰ (Darrang) জনপ্ৰিয় ইউটিউবাৰ ছানিয়া আখতাৰৰ। কিন্তু একাংশ সংবাদ মাধ্যমত দৰঙৰ ছানিয়া আখতাৰৰ পৰিৱৰ্তে প্ৰকাশ পাইছিল সৰভোগৰ আন এগৰাকী ইউটিউবাৰ ছানিয়া আখতাৰৰ ফটো। আজি সেইগৰাকী ছানিয়া আখতাৰে সংবাদ মাধ্যমক অনুৰোধ জনালে যে শীঘ্ৰে সেইসমূহ বাতৰি আঁতৰাই দিবলৈ।
ছানিয়াৰ ভাষ্য-
উল্লেখ্য ৩১ অক্টোবৰত দৰং জিলাৰ বেছিমাৰীত এক পথ দুৰ্ঘটনাত ৫ গৰাকী লোকৰ মৃত্যু হৈছিল আৰু এই দুৰ্ঘটনাটোত ছানিয়া আখতাৰ নামৰ এগৰাকী ইউটিউবাৰৰো মৃত্যু হৈছিল কিন্তু একাংশ সংবাদ মাধ্যমে সৰভোগৰ ছানিয়া আখতাৰকে মৃত্যু হোৱা ছানিয়া আখতাৰ হিচাপে ভুল বুজি সৰভোগৰ ছানিয়া আখতাৰৰ আলোকচ্চিত্ৰ ব্যাৱহাৰ কৰি বাতৰি প্ৰচাৰ কৰি আছিল।
এই ঘটনাৰ পাছতে সৰভোগৰ ছানিয়া আখতাৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এনে কাৰ্যই তেওঁলোকৰ পৰিয়ালৰ লোকক মানসিকভাৱে কষ্ট দিছে বুলি উল্লেখ কৰে।
Photo: Khatang Khobor
Discussion about this post