ৰেডক্ৰছ ছ’ছাইটি। প্ৰতিগৰাকী সচেতন নাগৰিকৰ বাবে এটা অতি সন্মানীয় তথা সক্ৰিয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সংস্থা। যাৰ সহায় সাহাৰ্যই অজস্ৰ অসহায় নিপিড়ীতজনক দেখুৱাইছে পৰিত্ৰানৰ বাট । বিশেষকৈ প্ৰাকৃতিক বা অন্যান্য দুৰ্যোগৰ সময়ত ৰেড ক্ৰছ ছ’ছাইটিৰ ভূমিকা হৈ পৰে বহু সময়ত অপৰিহাৰ্য ।
কিন্তু এনে এটা মহান সংস্থাৰ মজিয়াতে এতিয়া ব্যাপক অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । অভিযোগ অনুসৰি যোৱা ২০১৭ চনৰ পৰা আজি পৰ্যন্ত ৰেড ক্ৰছৰ অসম ৰাজ্যিক সমিতিৰ বাৰ্ষিক সাধাৰণ সভা খনেই অনুষ্ঠিত কৰা হোৱা নাই ।
সংস্থাটোৰ অসম ৰাজ্যিক সমিতিৰ বিষয়ববীয়া সকলৰ চূড়ান্ত দায়িত্ব হীনতা আৰু মইমতালীৰ বাবে যোৱা প্ৰায় পাঁচ বছৰ ধৰি অনুষ্ঠিত হোৱা নাই ৰেড ক্ৰছ ছ’ছাইটি অসমৰ বাৰ্ষিক সভা ।সংস্থাটোৰ এক শীৰ্ষ সূত্ৰৰ মতে এনে কাৰ্য ইউনিয়ন ৰেড ক্ৰছ ছ’ছাইটিৰ নীতিৰ পৰিপন্থী ।
আনহাতে, সূত্ৰ টোৰ মতে, বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত নকৰাকৈ ৰেড ক্ৰছ ছ’ছাইটিত পৰিচালনা সমিতিৰ সভা অনুষ্ঠিত কৰাত বাধা নিষেধ আছে । কিন্তু অতি আশ্বৰ্যজনক ভাবে একপক্ষীয় ভাবে কেতবোৰ সিদ্ধান্ত লোৱাৰ উদ্দেশ্যে ৰাজ্যিক সমিতিৰ নৱ নিযুক্ত উপ-সভানেত্ৰী মনালিছা গোস্বামীয়ে যোৱা ১১ আগষ্টত এক নিৰ্দেশ দি জিলা সমিতি সমূহলৈ ১৮ আগষ্টত অৰ্থাৎ আজিৰ তাৰিখত গুৱাহাটীৰ কাৰ্যালয়ত পৰিচালনা সমিতিৰ সভা অনুষ্ঠিত কৰাৰ কথা জনাই সভালৈ আনুষ্ঠানিক আমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰে ।
মনকৰিবলগীয়া যে, ক’ডিড প্ৰট’কল অনুসৰি এতিয়াও অনান্য জিলাৰ পৰা গুৱাহাটী লৈ অহা বন্ধ আছে । অসম চৰকাৰৰ এগৰাকী অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া হিচাপে মনালিছা গোস্বামীয়ে এই কথা জানে । কিন্তু আৰু মাজতো তেওঁ আজি ৰেড ক্ৰছ ছ’ছাইটি ৰ কাৰ্যালয়ত সভা অনুষ্ঠিত কৰা কাৰ্যই সকলোৰে চকু কপালত তুলিছে ।
তদুপৰি, সংস্থাটোৰ বাৰ্ষিক সাধাৰণ সভা নপতাকৈয়ে আজি কিদৰে পৰিচালনা সমিতিৰ সভা অনুষ্ঠিত হল সেয়াও ৰহস্যজনক।ইপিনে ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীকে ধৰি বিভিন্ন প্ৰান্তত ৰেড ক্ৰছ ছ’ছাইটিৰ ভালে সংখ্যক মূল্য বান সা-সম্পত্তি আছে ।
শেহতীয়া সময়ছোৱাত বিভিন্ন উপায়েৰে সংস্থাটোৰ লগত জড়িত একাংশ লোকে বিভিন্ন উপায়েৰে সেই সম্পত্তি সমূহ হস্তগত কৰাৰ বাবে তৎপৰ হৈ আহিছে । জানিব পৰামতে ইতিমধ্যে কেইবাটাও সম্পত্তি কাৰ্যত: অতি কৌশলেৰে হস্তান্তৰিত হৈছে ।
সেয়ে এই ঐতিহ্যমণ্ডিত আৰু সাম্প্ৰতিক পৰিস্থিতিত অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত ৰেড ক্ৰছ ছ’ছাইটিৰ ভিতৰচৰাত চলি থকা অনিয়মত হস্তক্ষেপ কৰি তাৰ হৃত মৰ্যদা ঘূৰাই আনিবলৈ সংস্থাৰ পদেন অধ্যক্ষ, ৰাজ্যৰ ৰাজপালক সচেতনজনে অনুৰোধ জনাইছে ।
Photo: Khatang Khobor




























Discussion about this post