বিহু (Bohag Bihu) অনুষ্ঠিত কৰাক লৈ ৰাজ্যত চৰ্চা অব্যাহত থকাৰ সময়তে এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গে (Singer Zubeen Garg)। বিভিন্ন সময়ত চৰকাৰৰ সিদ্ধান্তক সমৰ্থন কৰি অহা জুবিন গাৰ্গে এইবাৰ এটা সপ্তাহত বিহু পতাৰ বিষয়টোৰ বিৰোধিতা কৰি কয় যে- ‘এসপ্তাহত বিহু শেষ কৰিব নোৱাৰে। এইটো অসম্ভৱ কথা।’
টংলাত সাংবাদিকৰ আগত জুবিন গাৰ্গে কয় যে-‘এটা সপ্তাহত বিহু পাতি শেষ কৰিব নোৱাৰে। এয়া অসম্ভৱ কথা। এটা সপ্তাহত বিহু পাতিবলৈ হ’লে শিল্পীসকলক হেলিকপ্তাৰ দিব লাগিব।’
লগতে তেওঁ কয়, ‘সকলো লোকে নিজৰ ঠাইত সৰুকৈ হ’লেও এখন বিহু পাতিবলৈ ইচ্ছা কৰে। সেয়েহে সকলোৱে সময় সুবিধা মিলাই লৈহে বিহুখন পাতে। কিন্তু চৰকাৰে (Assam Govt) এসপ্তাহত বিহু পাতিবলৈ লোৱা এই সিদ্ধান্ত এক অদ্ভুত আৰু অবান্তৰ সিদ্ধান্ত।’
উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma) সকলোকে বিহুৰ প্ৰথম ৭টা দিনতে বিহু পাতিবলৈ পৰামৰ্শ আগবঢ়োৱাৰ লগতে প্ৰথম ৭টা দিনত বিহু পতা বিহু কমিটীসমূহক ডেৰ লাখকৈ আৰ্থিক সাহায্য দিয়াৰ কথাও কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰে।
লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চান্দা সংস্কৃতি বন্ধ কৰিবলৈ প্ৰয়োজন হ’লে কঠোৰ আইন প্ৰণয়ন কৰিব বুলি কোৱা প্ৰসংগত জুবিন গাৰ্গে (Zubeen Garg) কয় যে, ‘বিহু দান-বৰঙণিৰেই অনুষ্ঠিত হয়। মই নিজেও আগতে বিহু পাতিবলৈ দান-বৰঙণি আগবঢ়াইছো।’
Photo: Google
Discussion about this post