বদৰুদ্দিন আজমল আৰু বদৰুদ্দিন আজমলৰ ভায়েক একেলগে থাকক আৰু মই থাকিম। ধুবুৰীত কোন বেছি Popular তেওঁলোকে দেখিব। এটা মুছলমান এলেকাত সংখ্যালঘূ অভিবাসী মিঞা এলেকা এটাত এফালে বদৰুদ্দিন আজমল থাকক আৰু এফালে মই থাকিম একেখন মঞ্চত। কোন বেছি Popular, কাৰ কথা মানুহে বেছি শুনিব। বদৰুদ্দিন আজমলক মুকলি প্ৰত্যাহ্বান বিধায়ক অখিল গগৈৰ।
‘বিধায়ক হ’ব পাৰে কিন্তু AIUDF যে সাম্প্ৰদায়িক দল OUT AND OUT। ভৰিৰ তলুৱাৰ পৰা মূৰলৈকে। বিজেপি আৰু AIUDF এটা এটা আপাদমস্তক সাম্প্ৰদায়িক দল। বিজেপিটো অলপ ওপৰত সাম্প্ৰদায়িক আৰু ফেচিবাদী। AIUDF সাম্প্ৰদায়িক আৰু মৌলবাদী। AIUDFত কৈ বিজেপি বেছি ভয়ানক। জাতিৰ কাৰণে বেছি ভয়ংকৰ কিন্তু AIUDFয়ো সাধু নহয়। যিমানবোৰ মুছলমান সমাজৰ বাবে বিপদ আহিছে সেই বিপদৰ কাৰণে অত্য়ন্ত দায়িত্বশীল AIUDF দল। বদৰুদ্দিন আজমলে মুছলমান মানুহৰ ঠিকা ল’বলৈ আহিলে নহ’ব। মই অসমৰ মুছলমান মানুহৰ সন্মান কৰো। মই অসমৰ মুছলমান মানুহৰ বাবে বহুত গালি খাইছো। মোক বহুতে অখিলোদ্দিন বুলিও সমালোচনা কৰে। বদৰুদ্দিন আজমলৰ দল AIUDFক যদি বিৰোধিতা নকৰে তেন্তে কেতিয়াও সামাজিক সন্মান বৃদ্ধি নাপাব আৰু মুছলমানসকল সদায় বিজেপি আৰু আৰ এছ এছৰ আক্ৰমণৰ বলি হৈ থাকিব।’ এই মন্তব্যৰে অখিল গগৈৰ তীব্ৰ সমালোচনা AIUDF, বদৰুদ্দিন আজমল আৰু বিজেপিক।
জীৱনত দুটা দলৰ কথা মোক কেতিয়াও নুসুধিব বিজেপি-RSS আৰু AIUDFৰ কথা, এই দুটা দলৰ সৈতে ৰাজনৈতিক বুজাবুজি কেতিয়াও নহয়’- মন্তব্য অখিল গগৈৰ।
Photo: Google
Discussion about this post