গৰুখুঁটিৰ ঘটনাৰ পিছতেই উত্তপ্ত হৈ পৰা ৰাজ্যৰ পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে। ইয়াৰ মাজতে কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী আহমেদে শ্বহীদ দিননাথ শৰ্মাক লৈ বহু বিতৰ্কিত মন্তব্য প্ৰদান কৰা দেখা যায়।
শ্বেৰমান আলীয়ে শ্বহীদ দিননাথ শৰ্মাক ঘাটক আখ্যা দিয়াৰ পিছতেই জাঙুৰ খাই উঠিছে বহু দল সংগঠন। এই ঘটনাৰ পিছতই আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে শ্বেৰমান আলীক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। অসম প্ৰদেশ কংগ্ৰেছে এক সংবাদ বিবৃতিৰ জৰিয়তে কয় যে ”শ্বেৰমান আলীয়ে বিধায়ক ৰূপে দায়িত্বশীল পদবীত থকাৰ পিছটো বহু সময়ত দলৰ নীতিৰ বিপৰীতে গৈ কিছুমান সাম্প্ৰদায়িক মন্তব্য কৰা দেখা যায়”।
অসম আন্দোলনৰ শ্বহীদক লৈ কৰা মন্তব্য উপ-নিৰ্বাচনৰ আগত কংগ্ৰেছ দলক ক্ষতি কৰাৰ বাবে কৰা বুলি কয় প্ৰদেশ কংগ্ৰেছে।
ইয়াৰ পূৰ্বেও দুবাৰকৈ সাম্প্ৰদায়িত মন্তব্য আগবঢ়োৱা শ্বেৰমান আলিক সতৰ্ক কৰি দিয়াৰ পিছটো পুনৰ এই মন্তব্য প্ৰদান কৰা গ্ৰহণযোগ্য নহয় বুলি কয় প্ৰদেশ কংগ্ৰেছে ।
Photo: Khatang Khobor




























Discussion about this post