২ মাহ ৫ দিনৰ অন্তত মুকুলি আকাশৰ তললৈ (Bail) শ্বেৰমান আলী (Sherman Ali Ahmed), আহিয়ে দিলে বিস্ফোৰক মন্তব্য। ৬০ দিন জেলতে কটাই অৱশেষত জামিন (Bail) লাভ কৰিলে বিধায়ক (MLA) গৰাকীয়ে। ‘ক্ষমতা কাৰো বাবে স্থায়ী নহয়। মুখ্যমন্ত্ৰীয়ে ৰাজধৰ্ম পালন কৰক।
জাত-পাতৰ ৰাজনীতি এৰি অসমৰ সকলো জাতিৰ উন্নয়নৰ স্বাৰ্থত কাম কৰক। এই বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ (Himanta Biswa Sarma) অনুৰোধ শ্বেৰমান আলীৰ (Sherman Ali Ahmed)। মই সঁচা কথা কৈয়ে যাম পৰিণতি যিয়ে নহওক। কোন ভুল, কোন শুদ্ধ ন্যায়ালয়ে সময়ত সিদ্ধান্ত ল’ব। পূৰ্বৰ নিজৰ স্থিতিত এতিয়াও অটল বিধায়কজন। ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হোৱা বুলি মন্তব্য শ্বেৰমান আলীৰ।
শ্বেৰমান আলীয়ে (Sherman Ali Ahmed) কয় যে অসমৰ জনসাধাৰণৰ মৌলিক অধিকাৰ খৰ্বস্ত কৰিছে এইখন চৰকাৰে। জে’লৰ তিক্ত অভিজ্ঞতাৰ বিষয়েও মন্তব্য কৰে বাঘবৰ সমষ্টিৰ বিধায়কগৰাকীয়ে। তেওঁ কয় যে- ‘দুমাহ জেলত থাকি জেলৰ যি অবৰ্ণনীয় দুৰাৱস্থা পৰিলক্ষিত কৰিলো, মোৰ উপলব্ধি হৈছে যে আল্লা আৰু ভগৱানে মোক জেললৈ পঠিয়াইছে। জেল নেগলেট চেক্টৰ, মন্ত্ৰী আৰু বিধায়ক নাযায় বা বিধানসভাটো আলোচনা নহয়। সেই কাৰণে মই নিজকে ভাগ্যবান বুলি ভাৱো, মই এই চৰকাৰৰ কৃপাত ২ মাহ জেলত থাকিলো আৰু জেলত থাকি জেলৰ অৱস্থা দেখি যি অভিজ্ঞতা হ’ল আগন্তুক ৫ বছৰলৈ জেলৰ সংস্কাৰৰ বাবে মই সংগ্ৰাম কৰি যাম।
অক্টোবৰৰ ২ তাৰিখে দিছপুৰৰ বিধায়ক আবাসৰ পৰা গ্ৰেপ্তাৰ হৈছিল শ্বেৰমান আলী (Sherman Ali Ahmed)। কেইবাটাও ধাৰাত ৰুজু হৈছিল গোচৰ।
পানবজাৰ থানাৰ গোচৰ নং 510/20, শুকুৰবাৰে জামিন লাভ কৰিছিল পানবজাৰ থানাৰ গোচৰৰ।
গীতানগৰ থানাৰ গোচৰ নং 406/2021, দুয়োটা ধাৰাত একেটাই ধাৰা সন্নিবিষ্ট হৈছিল।
নগত ২০ হাজাৰ টকাৰ বণ্ডত জামিনত মুক্তি। মুকলি আকাশৰ তললৈ আহিয়ে ধাৰাপুৰত আজি ১ মান বজাত সংবাদমেল দিব শ্বেৰমান আলীয়ে।
Photo & Input: Khatang Khobor
Discussion about this post