আমিনুল ইছলামৰ (Aminul Islam) ঘৰত যোৱা নহ’ল সত্যৰঞ্জনৰ (Satyaranjan Borah)। প্ৰসংগ, কামাখ্যা মন্দিৰত মোগল বাদশ্বাহ ঔৰংগজেৱে মাটি দিয়া বুলি এক বিতৰ্কিত মন্তব্য কৰিছিল ধিঙৰ বিধায়ক (Dhing MLA) আমিনুল ইছলামে।
তাৰ পিছতেই হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই (Satyaranjan Borah) বিধায়ক আমিনুল ইছলামৰ (Mla Aminul Islam) বিৰুদ্ধে এজাহাৰ দাখিল দুদিনৰ ভিতৰত আমিনুলক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰিলে আমিনুলৰ ঘৰত উপস্থিত হৈ আক্ৰমণৰ সকিয়নী দিছিল সত্যৰঞ্জনে।
আৰু সেই মতেই আজি আমিনুলৰ (Mla Aminul Islam) বাসগৃহত উপস্থিত হোৱাৰ কথা আছিল সত্যৰঞ্জন বৰাৰ। যাৰ ফলস্বৰূপে আজি পুৱাৰে পৰাই ধিং সমষ্টিৰ (Dhing) শ শ ৰাইজে জোতা, চেণ্ডেলৰ ডাঙৰ ডাঙৰ মালা তৈয়াৰ কৰি দিনজুৰা অপেক্ষা কৰি আছিল সত্যৰঞ্জনক এইদৰেই আদৰণি জনাবলৈ।
সেই মতেই আজি সত্যৰঞ্জন আহি বটদ্ৰৱা থানত উপস্থিত হৈ সেৱা লৈ সংবাদ মাধ্যমৰ আগত পুনৰ কৰিলে মুছলমান বিৰোধী আৰু কোৰাণ বিৰোধী বিতৰ্কিত মন্তব্য। সত্যৰঞ্জন বৰাই ক’লে যে- ‘মুছলমানৰ চৰিত্ৰই এইটো নেকি। কোনোবা আহিলে মাৰিম, কাটিম, জোতা মালা পিন্ধাম।
লগতে সত্যৰঞ্জনক আৰক্ষীয়ে বাধা আৰোপ কৰিলেও যি কোনো প্ৰকাৰে আমিনুলৰ ঘৰত যাব বুলি উল্লেখ কৰি বিধায়ক আমিনুলক লক্ষ্য কৰি বিভিন্ন ধৰণৰ সমালোচনা কৰে। অকল এয়াই নহয়, বিতৰ্কিত সত্যৰঞ্জনে কয় যে, আজি কৃষ্ণৰ দৰে আহিছো ভালদৰে বিদায় নিদিলে কৰুক্ষেত্ৰৰ ৰণ কৰিবলৈ সাজু।
কিন্তু আমিনুলৰ ঘৰলৈ যোৱা নহ’ল সত্যৰঞ্জনৰ, বাঘৰ নিচিনা আহি মেকুৰীৰ দৰে ৰাস্তাৰ পৰাই গ্ৰেপ্তাৰ হ’ল সত্যৰঞ্জনসহ বহু কেইজন সহযোগী। ৰাস্তাৰ পৰাই নগাঁও আৰক্ষী প্ৰশাসনে গ্ৰেপ্তাৰ কৰি নগাঁৱলৈ লৈ যায় বিতৰ্কত সত্যৰঞ্জন বৰাক।
ইফালে জোতা, চেণ্ডেলৰ মালা লৈ অপেক্ষাত ৰৈ ৰৈ ভাগৰি পৰা এইসকল লোকে বিধায়কৰ ঘৰত একেলগে মিঠাই খালে।
Photo & Input: ছাইদুল ইছলাম
আৰু পঢ়কঃ https://khatangkhobor.com/news/golaghat-missing-man-deadbody-recover-in-assam/5104/
Discussion about this post