‘কংগ্ৰেছ, ৰাইজৰ দল, জাতীয় পৰিষদ এইবিলাকত কোনে ভোট দিব? কিয় ভোট দিব? তেওঁলোকৰ আছে কি? এইবিলাক চাইহে ৰাইজে ভোট দিব।’- এই প্ৰতিক্ৰিয়া মৰিয়নীৰ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মী(Rupjyoti Kurmi)ৰ।
১০০টা অখিল গগৈ আহিলেও ৰূপজ্যোতি কুৰ্মীক হৰুৱাব নোৱাৰে বা ৰূপজ্যোতি কুৰ্মীয়ে সমৰ্থন কৰা প্ৰাৰ্থীকো কোনেৱে হৰুৱাব নোৱাৰে এই কথা নিশ্চিত। সোঁ হাতেৰে নহয় মই বাওঁ হাতেৰে লিখি দিব পাৰো। সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য প্ৰাক্তন বিধায়কগৰাকীৰ।
‘৮-৯ মাহৰ আগত যেতিয়া কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতা প্ৰসংগ আহিছিল। সেই সময়তে মই তীব্ৰ বিৰোধিতা কৰিছিলো। ইমান পুৰণি দল এটাই নতুনকৈ হৈ উঠা এটা দলৰ সৈতে মিত্ৰতা কৰিব নালাগে বুলি মই প্ৰতিবাদ জনাইছিলো, কিন্তু মোৰ কথা নুশুনিলে। কংগ্ৰেছ আৰু AIUDFয়ে মিত্ৰতা কৰি পাপ কৰিছিল আৰু এই পাপৰ পৰিনাম কংগ্ৰেছ AIUDF দলে ভুগিব লাগিব। যিমান দিন পৃথিৱী থাকিব সিমান দিনেই কংগ্ৰেছ আৰু Aiudf দল হাৰিব। কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতা ভংগক লৈ মৰিয়নীৰ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিক্ৰিয়া প্ৰকাশ।
Photo & Visual: ৰাজীৱ কৰ্মকাৰ
Discussion about this post