‘এটাৰ পিছত এটা বস্তুৰ দাম বাঢ়ি গৈছে। এতিয়া আকৌ আপোনাৰ সকলোতকৈ সহজে পোৱা বস্তুটো হৈছে মদ। হোম ডেলিভাৰী কৰিছে মদ। এই মদ খুৱাই খুৱাই আমাৰ উঠি অহা প্ৰজন্মৰ লিভাৰটো শেষ কৰি পেলাব। আমাৰ গোটেই মানুহখিনিয়েই যদি মদেই খাই থাকে। এফাল ড্ৰাগছ বিৰোধী বুলি কয়, এফালে মদটো খাব লাগে বুলি কয়।’- সংবাদমাধ্যমৰ সন্মুখত চৰকাৰৰ বিৰোধী মন্তব্য প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ(Rakibul Hussain)।
মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কয় আমাৰ মানুহখিনি, তেওঁলোকৰ মানুহখিনি। তাৰ মানে তেওঁ গোটেই মানুহখিনিৰ মুখ্যমন্ত্ৰী নহয় তেওঁ। যিখিনি মানুহৰ তেওঁ মুখ্যমন্ত্ৰী নহয়, সেই মানুহখিনিটো চলিব লাগিব। সকলোৰে পেট আছে। প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন বিস্ফোৰণ মন্তব্য।
Photo: ছাইদুল ইছলাম
Discussion about this post