সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ (Parliament Monsoon Session) সময়ছোৱাত বুধবাৰে (৯ আগষ্ট) লোকসভাত পুনৰবাৰ হুলস্থুল পৰিৱেশৰ সৃষ্টি হয়।
বিজেপি সাংসদসকলে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ বিৰুদ্ধে অভদ্ৰ ইংগিত দিয়াৰ অভিযোগ উত্থাপন কৰি অধ্যক্ষক পত্ৰ লিখি তেওঁৰ অভিযোগ দিয়ে।
য’ত কোৱা হৈছে যে ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীক অভদ্ৰ ইংগিত দিছে ।
লোকসভা সচিবালয়ৰ সূত্ৰ অনুসৰি, সদনৰ ভিতৰত অশালীন আচৰণ বিবেচনাধীন আৰু সকলোৰে সৈতে কথা পাতি নিয়মানুসৰি ব্যৱস্থা লোৱা হ’ব।
এই সন্দৰ্ভত সদনত স্মৃতি ইৰাণীয়ে ক’লে যে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীক আজি মোৰ আগতে বক্তব্য দিয়াৰ অধিকাৰ প্ৰদান কৰা হ’ল কিন্তুু তেখেতে যাওঁতে-যাওঁতে এটা অভদ্ৰ আচৰণৰ দৰ্শন কৰোৱাই গ’ল।
এয়া কেৱল এজন মহিলাবিৰোধী ব্যক্তিহে হ’ব পাৰে যিয়ে সদনত সদনৰ মহিলা সদস্যসকল থকাৰ পিছতো ফ্লায়িং কিছ দিয়ে। এনে অসন্মানীয় আচৰণ এই দেশৰ সদনত কেতিয়াও দেখা পোৱা নাই আগতে (Rahul Gandhi Flying Kiss)।
Discussion about this post