অসমীয়া ভাষাক চূড়ান্ত অপমান কৰা বৰাকৰ স্বয়ম্ভু বঙালী নেতা প্ৰদীপ দত্ত ৰয়ক (Pradeep Dutta Roy) গ্ৰেপ্তাৰ (Arrest)। শিলচৰ আৰক্ষীয়ে (Silchar Police) গ্ৰেপ্তাৰ কৰে প্ৰদীপ দত্ত ৰয়ক। অসমীয়া ভাষাৰ হৰ্ডিং আঁতৰাবলৈ হুংকাৰ দিছিল ৰয়ে। এই ঘটনাৰ পিছতে ৰয়ক গ্ৰেপ্তাৰৰ দাবী উঠিছিল চৌদিশে। প্ৰদীপ ৰয়ক গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰা হৈছে গুৱাহাটীলৈ।
অসমীয়া ভাষাক চূড়ান্ত অপমান কৰা ঘটনাৰ পিছতেই গ্ৰেপ্তাৰৰ দাবী তুলিছিল অসম সাহিত্য সভাই (Assam Sahitya Sabha) ৷ অসম সাহিত্য সভাৰ মুখ্য সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই এই দাবী উত্থাপন কৰিছিল।
জেৰা কৰাৰ সময়ত সাংবাদিকক কৰিছিল বেয়া ব্যৱহাৰ-
উল্লেখ্য যে সময়ে সময়ে অসমীয়া বিদ্বেষী কথা কৈ অহা প্ৰদীপ দত্ত ৰয়ে অলপতে অসমীয়া ভাষাক চূড়ান্ত অপমান কৰা পৰিলক্ষিত হৈছিল। তেওঁ বৰাকত এখনো অসমীয়া হৰ্ডিং থাকিব নোৱাৰিব বা থাকিলেও ৪৮ ঘণ্টাৰ ভিতৰত আঁতৰাবলৈ প্ৰশাসনক সকীয়নি প্ৰদান কৰিছিল।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/clash-between-2-groups-at-hojai-in-assam-watch-video/4801/
Discussion about this post