বিদ্যুৎ মাচুল বৃদ্ধিৰ সপক্ষে গৈ উদ্ভট মন্তব্য শক্তি মন্ত্ৰী (Power Minister) বিমল বৰাৰ (Bimal Borah), ক’লে- ২ টকাৰ ঠাইত বঢ়োৱা হৈছে কেৱল ৫৯ পইচাহে। বিদ্যুৎ মাচুল বৃদ্ধিৰ সপক্ষে গৈ এয়াই যুক্তি দিয়ে শক্তিমন্ত্ৰী বিমল বৰাই।
ৰাজ্যত ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব বিদ্যুতৰ নতুন মাচুল (Current Bill)। প্ৰতি ইউনিটত ৫৯ পইচা ভৰিব লাগিব ৰাজ্যবাসীয়ে। পেট্ৰল-ডিজেল, গেছ চিলিণ্ডাৰৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰা সাধাৰণ জনতাৰ ওপৰত বিদ্যুতৰ অতিৰিক্ত মাচুলো জাপি দিছে চৰকাৰে।
চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক লৈ ৰাজ্যজুৰি ক্ষোভৰ উদ্গীৰণ ঘটাৰ সময়তে এইবাৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ সপক্ষে গৈ যুক্তি প্ৰদৰ্শন কৰিলে শক্তিমন্ত্ৰী বিমল বৰাই (Power Minister Bimal Borah) ।
কোভিডৰ বাবেহে বিদ্যুৎ মাচুল বৃদ্ধি কৰা হৈছে বুলি মন্তব্য কৰি শক্তি মন্ত্ৰীগৰাকীয়ে কয় যে বিদ্যুৎ মাচুল ২ টকাকৈ বাঢ়িব লাগিছিল, কিন্তু কেৱল ৫৯ পইচাহে বৃদ্ধি কৰা হৈছে।
শক্তিমন্ত্ৰী বিমল বৰাই লগতে কয় যে বিদ্যুৎ মাচুল বৃদ্ধিয়ে সাধাৰণ জনতাৰ ওপৰত প্ৰভাৱ নেপেলায়। চৰকাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালক ৩০ ইউনিট পৰ্যন্ত বিদ্যুৎ বিনামূলীয়াকৈ প্ৰদান কৰিছে বুলিও মন্তব্য কৰে বিমল বৰাই।
Photo: Google
Discussion about this post