অসম জাতীয় পৰিষদ আৰু কংগ্ৰেছৰ মিত্ৰতা লাল চাহ আৰু পিঁয়াঁজৰ দৰে। এই মন্তব্য ভবানীপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী ফনীধৰ তালুকদাৰৰ। সমষ্টিটোত ভোটাধিকাৰ সাব্যস্ত কৰি তালুকদাৰে কয় যে কংগ্ৰেছ আৰু লুৰীণজ্যোতি গগৈৰ ‘Combination‘ লাল চাহ আৰু পিঁয়াঁজৰ দৰে।
ভবানীপুৰৰ বিজেপি (BJP) প্ৰাৰ্থী তথা এআইইউডিএফৰ (AIUDF) প্ৰাক্তন বিধায়ক ফনীধৰ তালুকদাৰে সমষ্টিটোৰ হিন্দু বেল্টত পুৰি খাবলৈও এজনো কংগ্ৰেছী নাই বুলি বিশ্লেষণ কৰে। সমষ্টিটোত তেওঁৰ বিজয় নিশ্চিত বুলি মন্তব্য কৰি তেওঁ কয় যে এইবাৰ তেওঁ Betterment দিছে। আগৰবাৰ তেওঁ পাছ কৰিছিল যদিও ৰাইজৰ বাবে কাম কৰিব পৰা নাছিল, গতিকে এইবাৰ তেওঁ দল সলনি কৰি Betterment দিছে। লগতে এইবাৰ ৯৯ শতাংশ পাব বুলি মন্তব্য কৰে তেওঁ।
এআইইউডিএফৰ পৰা নিৰ্বাচন খেলি পাপ কৰা বুলি মন্তব্য কৰি তেওঁ কয় যে বিজেপিত যোগদান কৰা বাবে ৰাইজে ভাল পাইছে। বুঢ়া বয়সত হ’লেও ফণীয়ে ভাল কাম কৰা বুলি ৰাইজে আশীৰ্বাদ দিছে। আনহাতে তেওঁৰ গাঁত পলিটিকেল ভাইৰাছ সোমাইছে বুলিও মন্তব্য কৰে তেওঁ।
Photo: Google





























Discussion about this post