শনিবাৰে মাজনিশাৰ পৰা মহানগৰীত পেট্ৰ’লৰ মূল্যই স্পৰ্শ কৰিলে শতকৰ ঘৰ। পেট্ৰ’লে (Petrol) চেঞ্চুৰী কোবোৱাৰ লগে লগে সাধাৰণৰ ৰাইজৰ মাজত এতিয়া তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। সাধাৰণ জনতাৰ বাবে এতিয়া বাহন চলোৱা কঠিন হৈ পৰিছে। সকলোৰে প্ৰায় একেই মন্তব্য, এফালে ফ্ৰী বুলি কৈ আনফালে লুটি নিছে চৰকাৰে।
ইফালে পেট্ৰ’লৰ দাম বৃদ্ধি হোৱাক লৈ নেতা-মন্ত্ৰীসকলৰ গা এৰা মন্তব্য়। কেন্দ্ৰীয় শ্ৰম আৰু নিযুক্তি ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ (Rameswar Teli) মতে- ‘পেট্ৰ’লৰ দাম হেনো ভেকচিন বিনামূলীয়াকৈ দিয়া কাৰণে হৈছে। ভেকচিন বিনামূলীয়া নহয়। পেট্ৰ’ল-ডিজেলৰ দামত কটা হৈছে ভেকচিনৰ মূল্য। সেয়ে বৃদ্ধি পাইছে পেট্ৰ’ল ডিজেলৰ মূল্য। পেট্ৰ’লতকৈ পানীৰ দামহে বেছি হৈছে।
আনহাতে পেট্ৰ’লৰ মূল্য বৃদ্ধি হোৱাক লৈ ৰাজ্যিক BJPৰ সভাপতি ভৱেশ কলিতাই দিলে অদ্ভূট ফৰ্মূলা। পেট্ৰ’লৰ দাম কমিবলৈ তেওঁ ৰাইজক আহ্বান জনালে যে- “এখন বাইকত তিনিজনকৈ উঠিব লাগিব ৷ গাড়ীৰ ব্যৱহাৰ কমাব লাগিব ৷ নহ’লে পেট্ৰ’ল-ডিজেলৰ দাম নকমিব ৷” লগতে সাংবাদিকক চাইকেল চলাই বাতৰি সংগ্ৰহ কৰিবলৈও আহ্বান জনালে ভৱেশ কলিতা(BJP President Bhabesh Kalita)ই ৷
ভৱেশ কলিতাই ক’লে যে- “গাড়ী বেছিকৈ চলোৱাৰ বাবেই বাঢ়িছে পেট্ৰ’ল-ডিজেলৰ দাম। বজাৰ কৰিবলৈ গ’লে কিয় গাড়ী নিব লাগে?”গাড়ীৰ ব্যৱহাৰ কমাওক। প্ৰয়োজনত এখন বাইকত তিনিজনকৈ উঠক। প্ৰয়োজনত বাইকত তিনিজন উঠিলে পুলিচে ফাইন লোৱা ব্যৱস্থাটোও সলনি কৰিব লাগিব।”
Photo: Google
Discussion about this post