National Testing Agency চমুকৈ NTA। কেন্দ্ৰীয় চৰকাৰে প্ৰতিষ্ঠা কৰা এক শৈক্ষিক প্ৰতিষ্ঠান। সৰ্বভাৰতীয় পৰ্যায়ৰ যেনে JEE,NEET – UG,NET,CMAT আৰু GPAT আদিৰ প্ৰৱেশ পৰীক্ষাসমূহ অনুষ্ঠিত কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২০১৭ চনত প্ৰতিষ্ঠা কৰিছিল এই NTA। উচ্চ শিক্ষানুষ্ঠানৰ প্ৰৱেশ পৰীক্ষাৰ উপৰি বেংক আদিৰ চাকৰিৰ বাবে অনুষ্ঠিত হোৱা বাচনি পৰীক্ষাসমূহো অনুষ্ঠিত কৰে এই NTAয়ে। তাৰ বাবে প্ৰতিখন ৰাজ্যতে NTAৰ অধীনত আছে নিৰ্দিষ্ট পৰীক্ষা কেন্দ্ৰ। অসমতো গুৱাহাটী, তেজপুৰ, যোৰহাট, ডিব্ৰুগড় আৰু শিলচৰত স্থাপন হৈছে NTAৰ অধীনৰ পৰীক্ষা কেন্দ্ৰ।
নগাঁৱৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ (Nagaon MP Pradyut Bordoloi) দাবী, এই পাঁচটাৰ লগতে নগাঁৱতো স্থাপন কৰক এটা NTAৰ পৰীক্ষা কেন্দ্ৰ। সাংসদজনৰ মতে নগাঁৱকে ধৰি মধ্য অসমৰ ছাত্ৰ-ছাত্ৰী আৰু বিভিন্ন ঠাইত সিচৰিত হৈ থকা চাকৰি প্ৰাৰ্থীয়ে দূৰৰ এই চেণ্টাৰ বিলাকলৈ বাটকুৰি বাই সদায় টকা পইচাকে ধৰি আন আন বহু অসুবিধাৰ সন্মুখীন হৈ আহিছে। সেয়ে মধ্য অসমৰ নগাঁৱত হ’ব লাগে এটা পৰীক্ষা কেন্দ্ৰ।
এই দাবীৰে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানলৈ (Dharmendra Pradhan) এক পত্ৰ প্ৰেৰণ কৰিছে নগাঁৱৰ সাংসদজনে (Nagaon MP Pradyut Bordoloi) । ২১ জানুৱাৰীত প্ৰেৰণ কৰা পত্ৰখনৰ জৰিয়তে সাংসদ বৰদলৈয়ে মধ্য অসমৰ পৰীক্ষাৰ্থী আৰু চাকৰি প্ৰাৰ্থীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বিষয়টো বিবেচনা কৰিবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানক।
Photo: Google
Discussion about this post