“দেশৰ কেৱল দহৰ পৰা পোন্ধৰ গৰাকী আটাইতকৈ ধনী,ক্ষমতাশালী,পুঁজিপতিক অহেতুক দৰদ দেখুৱাই কংগ্ৰেছ দিনৰ ৰাজহুৱা সম্পদ বোৰ এপদ এপদকৈ বিক্ৰী কৰিছে বিজেপি (BJP) চৰকাৰে “-এই সমালোচনা কংগ্ৰেছ দলৰ জ্যেষ্ঠ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ (MP Pradyut Bordoloi)। আজি জাগীৰোড ব্লক কংগ্ৰেছ কমিটিৰ (Jagiroad Block Congress) উদ্যোগত আয়োজন কৰা “মূল্যবৃদ্ধিৰ বিৰুদ্ধে” প্ৰতিবাদ যাত্ৰাত অংশগ্ৰহণ কৰে নগাঁৱৰ সাংসদ গৰাকীয়ে (Nagaon MP)।
তেওঁ প্ৰতিবাদস্থলীৰ পৰাই শাসকীয় বিজেপি দলক কঠোৰ সমালোচনা কৰি কয়- “বিজেপি দলৰ চৰকাৰৰ অকমৰ্ণ্যতা আৰু বৃহৎ বৃহৎ বেপাৰী, পুঁজিপতি, মহাজন বিলাকৰ প্ৰতি তেওঁলোকৰ মৰম আৰু পৃষ্ঠপোষকতাৰ কাৰণেই সমগ্ৰ ভাৰতবৰ্ষতে দুখীয়া মানুহৰ জীৱন হাহাকাৰ হৈ পৰিছে। কেৱল পে’ট্ৰল-ডিজেলেই নহয়, আজি সাধাৰণ মানুহে জীৱিকা নিৰ্বাহ কৰি এসাঁজ খাবলৈও নিজৰ জীৱন যাত্ৰা চলাবলৈ গৈ ভীষণ বিপদত পৰিছে। প্ৰত্যেক বিধ সামগ্ৰীৰে বিজেপি চৰকাৰৰ দিনত মূল্য আকাশলংঘী হৈছে। ”
Wholesale price index- ৰ শেহতীয়া প্ৰতিবেদনৰ উদ্ধৃতিৰে তেওঁ কয় যে বিগত চল্লিছ বছৰত যিকোনো অত্যাৱশ্যকীয় সা-সামগ্ৰী, খাদ্য-দ্ৰব্য,ঔষধৰ দাম হোৰাহোৰে বাঢ়ি গৈছে। ভাৰতবৰ্ষৰ অৰ্থব্যৱস্থা ভাঙি-ছিঙি বিধ্বস্ত হৈ পৰিছে। তাৰ মাজতে এই বিজেপি দলৰ চৰকাৰে বছা বছা দেশৰ দহৰ পৰা পোন্ধৰ গৰাকী আটাইতকৈ ধনী ক্ষমতাশালী,পুজিপতিক অহেতুক দৰদ দেখুৱাই কংগ্ৰেছ দিনৰ ৰাজহুৱা সম্পদ বোৰ এপদ এপদকৈ বিক্ৰী কৰিছে বুলি কেন্দ্ৰ তথা ৰাজ্যত শাসনাধিষ্ঠ বিজেপি দলৰ চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰা পৰিলক্ষিত হয়।
Photo: Khatang Khobor
Discussion about this post