দেশত প্ৰচলিত বন সংৰক্ষণ আইনখন শিথিল কৰিব খোজা প্ৰস্তাৱৰ বিৰুধিতাৰে কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰীলৈ পত্ৰ নগাঁৱৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুত বৰদলৈৰ (Pradyut Bordoloi)। অক্টোবৰ মাহৰ আধা দিন যোৱাৰ পিছতো গৰমৰ প্ৰকোপ অব্যাহত থকাৰ প্ৰসংগ উল্লেখ কৰি নগাঁৱৰ কংগ্ৰেছ সাংসদজনে লিখিছে,যোৱা পষেকটোত অসমৰ য’লৈকে গৈছো সকলোৰে মুখত সেই একেই কথা, উস ইমান গৰম পৰিছে !
হয় অক্টোবৰ মাহত, পূজাৰ বতৰত, ইমান গৰম পৰাৰ কথা সচাকৈয়ে অভূতপূৰ্ব। পৰিবই, কাৰণ যোৱা পাঁচবছৰৰ ভিতৰত আমাৰ দেশৰ মুঠ বননি সংকুচিত হোৱাৰ পৰিসংখ্যাৰ ( আমেৰিকাৰ Global Forest Watch – GFWৰ তথ্যমতে) ৮০% গছ গছনিয়েই উত্তৰ পূৰ্বাঞ্চলত বিশেষকৈ অসমতে নাইকিয়া হৈছে।
সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ফেচবুক পোষ্ট-
https://www.facebook.com/PradyutBordoloiinc/posts/4689406107844369
ইমানৰ পিছতো শেহতীয়াভাৱে বন ৰক্ষাৰ বাবে দেশত প্ৰযোজ্য হৈ থকা আইন খনো (Forest Conservation Act 1980) ভাৰত চৰকাৰে শিথিল কৰিব বিচাৰিছে যাতে আদানী আম্বানী জাতীয় উদ্যোগপতিয়ে বনাঞ্চলৰ গছ গছনি কাটিও হেলাৰঙে য’তে ত’তে নিজৰ উদ্যোগ স্থাপন কৰিব পাৰে ! চৰকাৰৰ এই পৰিকল্পনাৰ তীব্ৰ বিৰোধিতা কৰি নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে শনিবাৰে দেশৰ বন আৰু পৰিবেশ বিভাগৰ মন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ যাদৱ ডাঙৰীয়ালৈ (Bhupender Yadav) এখন চিঠি প্ৰেৰণ কৰিছে। উক্ত পত্ৰখনত তেওঁ প্ৰয়াত প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ দিনতে (১৯৮০ চন) প্ৰৱৰ্ত্তন কৰা বন সংৰক্ষণ আইনখন শিথিল নকৰিবলৈ দাবী জনাইছে।
Photo: Google
Discussion about this post